তামুলপুৰ জিলা আৰক্ষীৰ উদ্যোগত সৰ্বমুঠ ৭১,৯২,০৪০ টকা মূল্যৰ নিষিদ্ধ সামগ্ৰী দাহ
তামুলপুৰ, ১২ জুলাই (হি.স.)। তামুলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বুজন পৰিমানৰ ড্ৰাগছ তথা নিষিদ্ধ নিচাযুক্ত সামগ্ৰী দাহন কৰা হয়। তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক
তামুলপুৰ জিলা আৰক্ষীৰ উদ্যোগত সৰ্বমুঠ ৭১,৯২,০৪০ টকা মূল্যৰ নিষিদ্ধ সামগ্ৰী দাহ


তামুলপুৰ, ১২ জুলাই (হি.স.)। তামুলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বুজন পৰিমানৰ ড্ৰাগছ তথা নিষিদ্ধ নিচাযুক্ত সামগ্ৰী দাহন কৰা হয়। তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে আদি কৰি বিভিন্ন বিভাগৰ কেইবা গৰাকীও উচ্চপদস্থ বিষয়া সকলৰ উপস্থিতিত তামুলপুৰ আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা

৮৭.৮৬৮ কিলোগ্ৰাম গাঞ্জা, ৬,৮৫৫ টা নিচাযুক্ত কেপচুল আৰু ২.৮৩২ গ্ৰাম ব্ৰাউন চুগাৰ দাহ কৰা হয় ।

আজি সৰ্বমুঠ ৭১,৯২,০৪০ টকা মূল্যৰ নিষিদ্ধ সামগ্ৰী দাহ কৰা হয় ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande