নাৰায়ণপুৰৰ ধলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
লখিমপুৰ, ১২ জুলাই (হি.স.)। নাৰায়ণপুৰৰ ধলপুৰত যোৱানিশা সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। দূৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এজন বাইক আৰোহীয়ে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকত বাইকে খুন্দা মৰাৰ ফলতেই থিতাতে নিহত হয় লোকজন । ধলপুৰৰ ১৫ নং
নাৰায়ণপুৰৰ ধলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা


লখিমপুৰ, ১২ জুলাই (হি.স.)। নাৰায়ণপুৰৰ ধলপুৰত যোৱানিশা সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। দূৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এজন বাইক আৰোহীয়ে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকত বাইকে খুন্দা মৰাৰ ফলতেই থিতাতে নিহত হয় লোকজন ।

ধলপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত থিতাতে কৰুণ মৃত্যুক সাৱটি ল’লে কল্যাণ বৰুৱা নামৰ এজন লোকে।ধলপুৰ ৰজাবাৰীৰ কল্যাণ বৰুৱাই যোৱানিশা এ এছ ০৭ ডব্লিউ ৫৫১৪ নম্বৰৰ বাইকখনেৰে আহি ঘাইপথৰ ওপৰত ৰখাই থোৱা এ এছ ২৫ এফ চি ১৬৯৯ নম্বৰৰ ট্ৰাক খনত খুণ্ডা মৰাৰ ফলত দূৰ্ঘটনাটো সংঘটিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande