
ধুবুৰী, ১২ জুলাই (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰঙামাটিৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত যোৱা কালি শনিবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । তেল পৰিবাহী টেংকাৰ আৰু চাৰিচকীয়া আৰ্টিকা বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাত শিশু মহিলাসহ ৫ জনকৈ লোক আহত হয় ।
আহত সকলোৰ ভিতৰত শিশু, মহিলা আৰু চালকজন গুৰুতৰ ভাৱে আহত হয়। আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।আহত সকলোৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। তেলৰ টেংকাৰ খনৰ নম্বৰ এএছ ১৭ চি ৮৩৫৬ হোৱাৰ বিপৰীতে চাৰিচকীয়া আৰ্টিকা বাহন খনৰ নম্বৰ এএছ ১৭ এল ০৭০৪ বুলি কোৱা হয়। ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ