
কামৰূপ, ১২ জুলাই (হি.স.)। ৰঙিয়া আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ চোৰে ৰঙিয়াত চলালে পুনৰ লূটপাত । এইবাৰ চোৰৰ টাৰ্গেট মহখলিৰ হৰিমন্দিৰ ।
মহখলিৰ দক্ষিণ পশ্চিম আঞ্চলিক হৰি মন্দিৰত নিশা চোৰে টলা ভাঙি লুটি লৈ যায় সকলো সামগ্ৰী ।
চোৰে মন্দিৰৰ
সোণ- ৰূপৰ অলংকাৰ , পিতলৰ বন্তি গছা, ডাঙৰ টিলিঙা আদি লৈ যায় ।
লগতে চোৰে দান পাত্ৰৰ লৈ যায় সকলো ধন ।চোৰে হৰি মন্দিৰৰ মূল তলা ভঙাৰ উপৰিও মা বৈষ্ণু দেৱী মন্দিৰৰ তলা ভঙাৰ চেষ্টা কৰে ।হৰি
মন্দিৰৰ মূল কাৰ্য্যলয়ৰ তলাটোও ভাঙি পেলায় চোৰে।
ৰঙিয়া আৰক্ষীৰ ভূমিকাত ক্ষুণ্ণ ৰাইজ হৈ পৰিছে।
কিয়নো ৰঙিয়াত ধাৰাবাহিকভাবে চুৰিকাণ্ড সংঘটিত হৈ থকাৰ পিছতো চুৰিকাণ্ড ৰোধ কৰিব পৰা নাই ৰঙিয়া আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা