জাগীৰোড সমষ্টিৰ হাতীয়ামুখত নৱনিৰ্মীত জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
মৰিগাঁও, ১২ জুলাই (হি.স.)। জাগীৰোড সমষ্টিৰ হাতীয়ামুখত নৱনিৰ্মীত জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ প্ৰায় দুবছৰ পূৰ্বে কাম আৰম্ভ কৰা এই প্ৰকল্পই ৭৮৫ হেক্টৰ কৃষিভূমিত যোগান ধৰিব পানী৷ প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ
জাগীৰোড সমষ্টিৰ হাতীয়ামুখত নৱনিৰ্মীত জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ


মৰিগাঁও, ১২ জুলাই (হি.স.)। জাগীৰোড সমষ্টিৰ হাতীয়ামুখত নৱনিৰ্মীত জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ প্ৰায় দুবছৰ পূৰ্বে কাম আৰম্ভ কৰা এই প্ৰকল্পই ৭৮৫ হেক্টৰ কৃষিভূমিত যোগান ধৰিব পানী৷ প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পই কপিলী নৈৰ পৰা পানী তুলি কৃষি পথাৰলৈ যোগান ধৰা হয়৷

আগন্তুক দিনত জলসিঞ্চন বিভাগৰ কেনেল প্ৰকল্প সমূহৰ পৰিৱৰ্তে পাইপৰ সহায়েৰে খেতিপথাৰলৈ পানী যোগানৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য কৰে বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ এনে প্ৰকল্পই চৰকাৰী ধন ৰাহি কৰাৰ লগতে কৃষক ৰাইজ যথেষ্ট উপকৃত হ’ব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande