পৰ্বতঝোৰাৰ ৰূপচীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা
কোকৰাঝাৰ, ১২ জুলাই (হি.স.)। পৰ্বতঝোৰাৰ ৰূপচীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। ৰূপচী আৰক্ষী চকীৰ অন্তৰ্গত ৰূপচী দ্বিতীয় খণ্ড গাঁৱৰ ৰঞ্জিত ৰায়ক হত্যাৰ অভিযোগ। বিশ্বজিত ৰায় আৰু বিজু ৰায়ে মিলি ৰঞ্জিত ৰায় নামৰ লোকজনক মাৰপীঠ কৰি হত্যা কৰাৰ অভিযোগ। নিশ
পৰ্বতঝোৰাৰ ৰূপচীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা


কোকৰাঝাৰ, ১২ জুলাই (হি.স.)। পৰ্বতঝোৰাৰ ৰূপচীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা।

ৰূপচী আৰক্ষী চকীৰ অন্তৰ্গত ৰূপচী দ্বিতীয় খণ্ড গাঁৱৰ ৰঞ্জিত ৰায়ক হত্যাৰ অভিযোগ।

বিশ্বজিত ৰায় আৰু বিজু ৰায়ে মিলি ৰঞ্জিত ৰায় নামৰ লোকজনক মাৰপীঠ কৰি হত্যা কৰাৰ অভিযোগ।

নিশা হাঁহৰ পাৰ্টিত তিনিওৰে মাজত কাজিয়া মাৰপিট হয়।

ৰঞ্জিত ৰায়ক বেয়াকৈ আঘাতপ্ৰাপ্ত কৰে।

নিহত ৰঞ্জিত ৰায়ক বেয়াকৈ মাৰপিট কৰাত গুৰুতৰ ভাবে আহত হয়।

আহত ৰঞ্জিত ৰায়ক প্ৰথম অৱস্থাত ৰূপচী চিকিৎসালয়ত ভৰ্তি কৰে। যদিও স্বাস্থ্য অৱস্থা অধিক সংকটজনক হোৱাত ডি এম চি এইছ লৈ প্ৰেৰণ কৰে।

আঘাতপ্ৰাপ্ত ৰঞ্জিত ৰায়ৰ ডি এম চি এইছত মৃত্যু হয়।

আত্মীয়ৰ দাবী শীঘ্ৰেই দোষীক কৰায়ত্ত কৰক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande