বৰপেটাৰ আলোপতি নিচানৰচৰত পকী পথ নিৰ্মাণৰ দাবীত একাংশ লোকৰ প্ৰতিবাদ
বৰপেটাৰ আলোপতি নিচানৰচৰত পকী পথ নিৰ্মাণৰ দাবীত একাংশ লোকে সাব্যস্ত কৰে প্ৰতিবাদ ।
বৰপেটাৰ আলোপতি নিচানৰচৰত পকী পথ নিৰ্মাণৰ দাবীত একাংশ লোকৰ প্ৰতিবাদ


বৰপেটা, ১২ জুলাই (হি.স.): বৰপেটাৰ আলোপতি নিচানৰচৰত পকী পথ নিৰ্মাণৰ দাবীত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে । আলোপতিৰ পৰা বাঘমাৰাচৰ লৈ যোৱা পকী পথৰ পৰা নিচানৰচৰ সংযোগী প্ৰায় দুই কিলোমিটাৰ পথৰ অৱস্থা অতিকৈ তথৈবচ। সামান্য বৰষুণ পৰিলেই পথটো অত্যধিক বোকাময় হৈ পৰাত যাতায়াতৰ নামত দুৰ্ভোগ ভুগিছে অঞ্চলবাসীয়ে।

বোকাময় পথেৰে শিক্ষানুষ্ঠান লৈ অহা যোৱা কৰিব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকলে। পথৰ দুৰৱস্থাৰ বাবে গাঁওখনলৈ নাযায় এম্বুলেঞ্চ সেৱাৰ গাড়ী। ইফালে নিৰ্বাচন আহিলেই জন প্ৰতিনিধিয়ে পথছোৱা পকীকৰণৰ আশ্বাস দিয়ে যদিও সেয়া এতিয়াও বাস্তৱত পৰিণত নহ'ল। সেয়ে পথছোৱা পকীকৰণৰ দাবীত গাঁওখনৰ একাংশ লোকে এনেদৰে সাব্যস্ত কৰে প্ৰতিবাদ। শীঘ্ৰে পথছোৱা পকীকৰণ কৰিবলৈ স্থানীয় বিধায়ক আব্দুৰ ৰহিম আহমেদক দাবী জনাইছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande