খেৰাজখাট মৌজাৰ ভোগপুৰত বিহপুৰীয়া সমজিলা স্থাপন কৰিবলৈ লোৱা কাৰ্য্যক আদৰণি ৰাইজৰ
লখিমপুৰ, ১২ জুলাই (হি.স.)। খেৰাজখাট মৌজাৰ ভোগপুৰত বিহপুৰীয়া সমজিলা স্থাপন কৰিবলৈ লোৱা কাৰ্য্যক আদৰণি ভোগপুৰত বিহপুৰীয়া সমজিলা মুখ্য কাৰ্য্যালয় দাবী সমিতিৰ তথা স্থানীয় ৰাইজৰ। নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খেৰাজখাট মৌজাৰ ভোগপুৰত বিহপুৰীয়া সমজিলা স্থ
খেৰাজখাট মৌজাৰ ভোগপুৰত বিহপুৰীয়া সমজিলা স্থাপন কৰিবলৈ লোৱা কাৰ্য্যক আদৰণি ৰাইজৰ


লখিমপুৰ, ১২ জুলাই (হি.স.)। খেৰাজখাট মৌজাৰ ভোগপুৰত বিহপুৰীয়া সমজিলা স্থাপন কৰিবলৈ লোৱা কাৰ্য্যক আদৰণি ভোগপুৰত বিহপুৰীয়া সমজিলা মুখ্য কাৰ্য্যালয় দাবী সমিতিৰ তথা স্থানীয় ৰাইজৰ। নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খেৰাজখাট মৌজাৰ ভোগপুৰত বিহপুৰীয়া সমজিলা স্থাপন কৰিবলৈ লোৱা কাৰ্য্যক আদৰণি৷ বিধায়ক ভূপেন বৰাৰ লগতে মুখ্যমন্ত্ৰীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ৷ ভোগপুৰৰ পুৰোধা ব্যক্তি ২১ বিঘা ভূমিদাতা প্ৰয়াত নন্দ শইকীয়া আৰু বিনন্দ শইকীয়া ক স্মৰন৷ ১০০% খিলঞ্জীয়া ব্যক্তি ভিন্ন জাতি জনগোষ্ঠীৰ লোক উপকৃত হোৱাৰ আশা প্ৰকাশ৷ বিহপুৰীয়া সমষ্টিৰ মধ্যস্থল ভোগপুৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, ৰেল ষ্টেচন তথা চুবুৰীয়া অৰুণাচল প্ৰদেশৰ শোলেংঙী বিমান ঘাটি লৈ অতি সুচল হোৱাৰ বাবে সকলো দিশত সুবিধা বুলি মত প্ৰকাশ৷ নাতিদুৰৈত থকা মাধবদেৱ জন্ম ক্ষেত্ৰৰ লগত সংগতি ৰাখি পৰ্য্যটনৰ ক্ষেত্ৰত আমুল পৰিবৰ্তন ৰ আশা প্ৰকাশ কৰা হৈছে৷ চুবুৰীয়া অৰুণাচল প্ৰদেশৰ সীমা মুৰীয়া ভোগপুৰত সমজিলাৰ প্ৰশাসনিক কেন্দ্ৰ হলে সীমা বিবাদ নিষ্পত্তিৰ আশা৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande