
গুৱাহাটী, ১২ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিৰোধীয়ে পূৰ্বে ৰাজ্যৰ ড্ৰাগছ বিৰোধী অভিযানৰ বিৰোধিতা কৰি আৰক্ষীৰ ন্যায্য কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছিল যদিও এতিয়া একেটা বিৰোধীয়ে এই বিষয়ত চৰকাৰৰ সৈতে থিয় দিয়া যেন দেখা গৈছে।
মুখ্যমন্ত্রী সোণোৱালে কয় যে পাঁচ বছৰ পূর্বে যদি বিৰোধীয়ে চৰকাৰক সহযোগ কৰিলেহেঁতেন তেন্তে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানত অসম আৰক্ষীয়ে অধিক ফলপ্ৰসূ ফলাফল লাভ কৰিব পাৰিলেহেঁতেন।
কেৱল তালাচী আৰু গ্ৰেপ্তাৰ অভিযানেৰে ড্ৰাগছৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰিব নোৱাৰি বুলিও তেওঁ কয়। সমাজ ধ্বংস কৰি থকা এই দুষ্টতাক নিৰ্মূল কৰিবলৈ জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতাও সমানেই প্ৰয়োজনীয়।
দেওবাৰে নলবাৰীত জব্দ কৰা ড্ৰাগছ ধ্বংস (জ্বলন) উপলক্ষে সংবাদ মাধ্যমৰ আগত এইদৰে কয় ড০ শৰ্মাই। তেওঁ কয় যে ৰাজ্য চৰকাৰে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতিৰ ওপৰত কাম কৰি আছে আৰু ভৱিষ্যতেও এই অভিযান সম্পূৰ্ণ কঠোৰতাৰে চলি থাকিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ