
কামৰূপ, ১২ জুলাই (হি.স.)। বনগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
ঠিতাতে নিহত এজন লোক।
ৰখাই থোৱা কন্টেইনাৰত এখন মালবাহী বাহনে
প্ৰচণ্ড জোৰত খুন্দিওৱাৰ ফলত নিহত কাষত বহি অহা লোকজন।
অতি গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে চালকজন।
চালক জনক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।
গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ আছে মৃত লোকজন।
উদ্ধাৰ কৰিব পৰা নাই মৃতদেহতো।
গাড়ীখন তেজপুৰ নলতলীৰ বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত যানবাহন আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা