
নলবাৰী, ১২ জুলাই (হি.স.)। মুকালমুৱাৰ দৌলাশালত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা এই অভিযানত জব্দ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছসহ দুজন সৰবৰাহকাৰী। অভিযানত আৰক্ষীয়ে একে গাঁৱৰে আমিনুল হক আৰু খলিল আহমেদ নামৰ দুজন সৰবৰাহকাৰীক ড্ৰাগছসহ আটক কৰে। জানিব পৰা মতে, দৌলাশাল আৰক্ষী চকীৰ আৰক্ষী বিষয়া জ্যৌতি কমল বনীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দৌলাশালৰ ৰৌমাৰী পথাৰত চলাইছিল এই অভিযান।আৰক্ষীয়ে ধৃত লোককেইজনৰ পৰা মুঠ ১৩টা ড্ৰাগছভৰ্তি কন্টেনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।বৰ্তমান আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুজনক সোধা-পোছা অব্যাহত ৰখাৰ লগতে ঘটনাটোৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি তাৰো তদন্ত চলাই আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ