
বৰপেটা, ১২ জুলাই (হি.স.): বৰপেটা জিলাৰ জনীয়াত যোৱা কালি শনিবাৰে বিয়লি বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী উদ্বাৰ কৰা হয় । বৰপেটা আৰক্ষীৰ অভিযানত ১৮০ টা ERAZ- EX White Ink Correction Pen set সহ ৩৭৮ গ্ৰাম গাঞ্জা জব্দ কৰা হৈছে।
বৰপেটা জিলাৰ উপ-আৰক্ষী অধীক্ষক অলংকৃতা শইকীয়াৰ নেতৃত্বত বৰপেটা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জনীয়াৰ ৰাইজউদ্দিনৰ ঘৰত অভিযান চলাই ৩৭৮ গ্ৰাম গাঞ্জা আৰু ১৮০টা ERAZ- EX White Ink Correction Pen set জব্দ কৰিবলৈ সক্ষম হয়।দীৰ্ঘদীন ধৰি ৰাইজ উদ্দিন নামৰ ব্যাক্তিজনে নিচাজাতীয় সামগ্ৰী বিক্ৰি কৰি পৰিবেশ বিনষ্ট কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ।
আৰক্ষীয়ে ৰাইজউদ্দিনৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে যদিও আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে ৰাইজ উদ্দিনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ