


শোণিতপুৰ, ১২ জুলাই (হি স)। অসম চৰকাৰৰ মীন, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে আজি শোণিতপুৰ জিলাৰ তেজপুৰ বাৰিকাচুবুৰী জিলা কুকুৰা পামত গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুজিৰ :৩১ ( RUDF(ৰ অধীনত ৩কোটি ৪৮ লাখ ৯১হাজাৰ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া অত্যাধুনিক স্বয়ংক্ৰিয় প্ৰদৰ্শনীমূলক কণী পৰা কুকুৰা (LAYER)পামৰ উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰে।
এই উপলক্ষে অনুষ্ঠিত এক সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে তেজপুৰৰ জিলা কুকুৰা পামত নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰা অত্যাধুনিক স্বয়ংক্ৰিয় কুকুৰা পামখন সম্পূৰ্ণহৈ উঠিলে ৫হাজাৰ কণী পৰা কুকুৰা পালন কৰাৰ লগতে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে আত্মসহায়ক গোট, নিবনুৱা যুৱক যুৱতীক কণী পৰা কুকুৰা পালনৰ ওপৰত প্ৰশিক্ষণো প্ৰদান কৰা হ'ব বুলি ব্যক্ত কৰে ।
অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালক জয়ন্ত গোস্বামীয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানত বিধায়কদ্বয় পৃথ্বীৰাজ ৰাভা, ৰীতুবৰন শৰ্মা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, বিজেপিৰ জিলা সভানেত্ৰী মধুস্মিতা হাজৰিকা ডেকা প্ৰমুখ্যে বিশিষ্ট লোক সকলে অংশ গ্ৰহণ কৰে। ইয়াৰ পিছতেই মন্ত্ৰী গৰাকীয়ে কুকুৰা পামখন পৰিদৰ্শন কৰাৰ পিছত হজৰা মীন পামো পৰিদৰ্শন কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ