
নলবাৰী, ১২ জুলাই (হি.স.)। নলবাৰীত হাতীৰ গচকত মৃত্যু হোৱা কটাহকুছিৰ অন্ন কলিতাৰ বাসগৃহত উপস্থিত হল বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷
৯ জুলাই তাৰিখ বৃহস্পতিবাৰে সন্ধিয়া গাঁও বাসীৰ সতে পাগলাদিয়া নৈৰ পাৰলৈ মৃতদেহ সৎকাৰ কৰিবলৈ গৈছিল ৬০ উৰ্ধৰ অন্ন কলিতাও৷
তেনে অৱস্থাতে বন্যহস্তীৰ জাকৰ আগত পৰিছিল লোক সকল৷ শ্মশানত থকা বাকী লোক সকলে নৈত জাপ দি আত্মৰক্ষা কৰিছিল৷
পিছে বৃদ্ধ অন্ন কলিতাই পলাব নোৱাৰাৰ ফলতে হাতীৰ গচকত মৃত্যু হৈছিল৷ মৃত্যু হোৱা লোক গৰাকীৰ শোক ওচৰত থিয় হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এককালীন সাহায্যৰ চেক প্ৰদান কৰে৷
ইয়াৰ পিছতে গাওঁ বাসীক লগত লৈ সজাগতা সভাত অংশ লয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷আৰু আজি অন্ন কলিতাৰ পৰিয়ালৰ হাতত ৪ লাখ টকাৰ চেক এখন প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা