মন্ত্ৰী অজন্তা নেওগৰ বকোত ৬৫ বিঘা ভূমিত নিৰ্মীয়মান সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্ৰতিপালন কেন্দ্ৰ পৰিদৰ্শন
কামৰ মানক লৈ আপোচ নকৰাকৈ অহা অক্টোবৰ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ শিশুৰ লগতে বয়োজ্যেষ্ঠ আৱাসীসকলক দিয়া হ''ব মৰ্যাদাসম্পন্ন আৰু সুৰক্ষিত জীৱন :: নেওগ কামৰূপ, ১২ জুলাই (হি.স.)। মহিলা আৰু শিশু বিকাশ আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি
মন্ত্ৰী অজন্তা নেওগৰ বকোত ৬৫ বিঘা ভূমিত নিৰ্মীয়মান সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্ৰতিপালন কেন্দ্ৰ পৰিদৰ্শন


কামৰ মানক লৈ আপোচ নকৰাকৈ অহা অক্টোবৰ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

শিশুৰ লগতে বয়োজ্যেষ্ঠ আৱাসীসকলক দিয়া হ'ব মৰ্যাদাসম্পন্ন আৰু সুৰক্ষিত জীৱন :: নেওগ

কামৰূপ, ১২ জুলাই (হি.স.)। মহিলা আৰু শিশু বিকাশ আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি কামৰূপ জিলাৰ বকোৰ বামুণীগাঁৱত নিৰ্মীয়মান সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্ৰতিপালন কেন্দ্ৰ-ৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে । প্ৰায় ৮৫ কোটি টকা ব্যয়সাপেক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এইদৰে এক বৃহৎ পৰিসৰত নিৰ্মাণ কৰা অনুষ্ঠানটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে কামৰ মানক লৈ কোনোধৰণৰ আপোচ নকৰিবলৈ নিৰ্দেশ দিয়ে। চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰতে কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে কামৰ গতি ত্বৰান্বিত কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।

এই ভ্ৰমণকালত তেওঁ বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয় । তেওঁ কয় যে এই কেন্দ্ৰটো এটা সংস্কাৰমূলক অনুষ্ঠান আৰু ইয়াৰ নিৰ্মাণৰ ক্ষেত্ৰত সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাটো প্ৰধান অগ্ৰাধিকাৰ হ'ব লাগিব । শিশুৰ সুৰক্ষা আৰু যত্ন জুভেনাইল জাষ্টিচ আইনৰ অধীনত নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ প্ৰতিটো গৃহতে যোগাভ্যাসৰ বাবে উপযুক্ত কক্ষ, পুথিভঁৰাল আদি নিৰ্মাণৰ দিশসমূহ বিতংভাৱে পৰ্যালোচনা কৰে । তেওঁ ইয়াত থাকিবলগীয়া বয়োজ্যেষ্ঠ আৱাসীসকলক এটা মৰ্যাদাসম্পন্ন, সুৰক্ষিত আৰু আৰামদায়ক জীৱন দিয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বিতং প্ৰকল্প প্ৰতিবেদন অনুসৰি কোনো ধৰণৰ গাফিলতি নকৰাকৈ কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে ৬৫ বিঘা ভূমিত নিৰ্মাণ কৰি থকা এই সংহত কেন্দ্ৰত শিশু আৰু বয়োজ্যেষ্ঠসকলৰ বাবে সুকীয়া গৃহ থাকিব । এই গৃহসমূহত একে সময়তে ৩৪৪ জন ল'ৰা- ছোৱালী, কিশোৰ-কিশোৰী, বিশেষভাৱ সক্ষম ল'ৰা-ছোৱালী আৰু বৃদ্ধ আৱাসী থাকিব পাৰিব। এই কেন্দ্ৰত বিনোদন কক্ষ, প্ৰেক্ষাগৃহ, শ্ৰেণীকোঠা, পৰামৰ্শ দান কক্ষ আদি থাকিব। লগতে আৱাসীসকলৰ চিকিৎসাৰ বাবে এখন চিকিৎসালয়ো থাকিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande