মণিপুৰঃ ঝুম খেতি পথাৰত কৰ্মৰত কুকি খেতিয়কক গুলীয়াই হত্যা
ইম্ফল, ১২ জুলাই (হি.স.)। মণিপুৰৰ কাংপোকপি জিলাত ঝুম খেতিত কাম কৰি থকা এজন কুকি খেতিয়কক গুলীয়াই হত্যা কৰে অজ্ঞাত অস্ত্ৰধাৰী আক্ৰমণকাৰীয়ে, আনহাতে তেওঁৰ পত্নীয়ে কোনো আঘাত নোপোৱাকৈ নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়। মৃত লোকজন গোৱাজাং গাঁৱৰ ৫৩ বছৰীয়া হ
Image of the Deceased.


ইম্ফল, ১২ জুলাই (হি.স.)। মণিপুৰৰ কাংপোকপি জিলাত ঝুম খেতিত কাম কৰি থকা এজন কুকি খেতিয়কক গুলীয়াই হত্যা কৰে অজ্ঞাত অস্ত্ৰধাৰী আক্ৰমণকাৰীয়ে, আনহাতে তেওঁৰ পত্নীয়ে কোনো আঘাত নোপোৱাকৈ নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়। মৃত লোকজন গোৱাজাং গাঁৱৰ ৫৩ বছৰীয়া হাওলাল সিংসিট নামৰ যুৱকজনক চিনাক্ত কৰা হৈছে।

স্থানীয় সূত্ৰৰ মতে, শনিবাৰে সন্ধিয়া দম্পতীহালে নিজৰ ঝুম খেতি পথাৰত কাম কৰি থকাৰ সময়তে অচিনাক্ত আক্ৰমণকাৰীয়ে প্ৰায় ৪ বজাত তেওঁলোকৰ ওপৰত গুলীচালনা কৰে। গাঁৱৰ মানুহে প্ৰায় ২০ ৰাউণ্ড বন্দুকৰ গুলী শুনা বুলি জনাইছে।

সন্ধিয়ালৈকে যেতিয়া দম্পতীহালে ঘৰলৈ উভতি নাহিল তেতিয়া গাঁৱৰ ৰাইজে সন্ধান আৰম্ভ কৰে। এই সময়তে হাওলাল চিংচিটৰ মৃতদেহ পথাৰত একাধিক গুলীৰ আঘাতত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে পত্নীয়ে নিৰাপদ স্থানত উপস্থিত হ’বলৈ সক্ষম হয়।

স্থানীয় একাংশ সংগঠন আৰু গাঁওবাসীয়ে এই আক্ৰমণৰ বাবে জেইউএফ-কে আৰু এনএছচিএন-আইএম উগ্ৰপন্থী বুলি সন্দেহ কৰিছে। কিন্তু এই প্ৰতিবেদন লিখাৰ সময়লৈকে আৰক্ষী আৰু নিৰাপত্তা সংস্থাই আনুষ্ঠানিকভাৱে আক্ৰমণকাৰীৰ পৰিচয় নিশ্চিত কৰা নাছিল।

শেহতীয়াকৈ নিৰাপত্তা বাহিনীয়ে গোৱাজাং গাঁৱৰ সমীপত তালাচী অভিযান চলাই কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰাৰ মাত্ৰ কেইদিনমান পিছতে এই ঘটনা সংঘটিত হৈছে। তামেংলং জিলাৰ সীমান্তৱৰ্তী এই স্পৰ্শকাতৰ অঞ্চলত সংঘটিত হত্যাকাণ্ডই পুনৰবাৰ নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ মাজত। গোচৰটোৰ তদন্ত চলি আছে।

মন কৰিবলগীয়া যে স্থানীয়ভাৱে পাম-লু নামেৰে জনাজাত মণিপুৰত ঝুম খেতি পাহাৰীয়া জনজাতিসকলে কৰা পৰম্পৰাগত খেতি। ইয়াৰ লগত অৰণ্যৰে আবৃত ঢালবোৰ পৰিষ্কাৰ কৰা, গছ-গছনি জ্বলোৱা আৰু তাৰ পিছত ধান, শাক-পাচলি আৰু নগদ শস্যৰ মিশ্ৰিত খেতিৰ বাবে বীজ সিঁচা আদি জড়িত হৈ থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande