দৰঙ জিলাত ৯১ লাখ টকাৰ গাঞ্জা, হিৰইন আৰু কফ ছিৰাপ দাহন
দৰং, ১২ জুলাই (হি.স.)। দৰঙ জিলাত ৯১ লাখ টকাৰ গাঞ্জা, হিৰইন আৰু কফ ছিৰাপ দাহন। মুখ্যমন্ত্ৰীৰ ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে দৰঙ জিলা প্ৰশাসনৰ এই কাৰ্যসূচী। দৰং জিলাৰ বিভিন্ন আৰক্ষী থানাত জব্দ কৰা প্ৰায় ১৮৩ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা, ২১৫ গ্ৰাম হ
দৰঙ জিলাত ৯১ লাখ টকাৰ গাঞ্জা, হিৰইন আৰু কফ ছিৰাপ দাহন


দৰং, ১২ জুলাই (হি.স.)। দৰঙ জিলাত ৯১ লাখ টকাৰ গাঞ্জা, হিৰইন আৰু কফ ছিৰাপ দাহন।

মুখ্যমন্ত্ৰীৰ ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে দৰঙ জিলা প্ৰশাসনৰ এই কাৰ্যসূচী।

দৰং জিলাৰ বিভিন্ন আৰক্ষী থানাত জব্দ কৰা প্ৰায় ১৮৩ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা, ২১৫ গ্ৰাম হিৰইন আৰু বহু পৰিমাণৰ কফ ছিৰাপ জিলা প্ৰশাসন আৰু আৰক্ষীৰ তত্ত্বাৱধানত দাহন কৰা হয়। দলগাঁৱৰ পশ্চিম পদোঘাট ইটাভাটাত অনুষ্ঠিত এই দাহন কাৰ্যসূচীত উপস্থিত থাকে দৰং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষককে ধৰি জিলা প্ৰশাসনৰ আন কেইগৰাকী বিষয়া ববীয়া।

জানিবলৈ দিয়া মতে, দাহন কৰা নিষিদ্ধ সামগ্ৰী খিনিৰ বজাৰ মূল্য প্ৰায় ৯১ লাখ টকা।

এই কাৰ্যসূচীত উপস্থিত থাকি দৰং জিলাৰ আৰক্ষী অধীক্ষক গৰাকীযে কয় মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আগলৈও অব্যাহত থাকিব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande