ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াৰ কবলত মাজুলীৰ মহৰিচুক–চাৰিঘৰীয়াৰ মাজৰ অংশ
মাজুলী, ১২ জুলাই (হি.স.)। ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াৰ কবলত মাজুলীৰ মহৰিচুক–চাৰিঘৰীয়াৰ মাজৰ অংশ ।। জলসম্পদৰ মজুত নাই পাৰ্কুপাইন ব্ৰহ্মপুত্ৰ বৰ্ডে নকৰে কাম । নিজে শ্ৰমদান কৰি বাঁহ-গছৰ ডালেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ ।। ব্ৰহ
ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াৰ কবলত মাজুলীৰ মহৰিচুক–চাৰিঘৰীয়াৰ মাজৰ অংশ


মাজুলী, ১২ জুলাই (হি.স.)। ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াৰ কবলত মাজুলীৰ মহৰিচুক–চাৰিঘৰীয়াৰ মাজৰ অংশ ।।

জলসম্পদৰ মজুত নাই পাৰ্কুপাইন ব্ৰহ্মপুত্ৰ বৰ্ডে নকৰে কাম ।

নিজে শ্ৰমদান কৰি বাঁহ-গছৰ ডালেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ ।।

ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু জলসম্পদৰ মাজত কাজিয়া।

:

মাজুলীত পুনৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সৃষ্টি কৰিছে আতংক। নদীৰ ব্যাপক গৰাখহনীয়াৰ কবলত পৰিছে মাজুলীৰ নামনি অংশৰ মহৰিচুক আৰু চাৰিঘৰীয়াৰ মাজৰ অংশ। বহু বছৰ ধৰি আবেদন-নিবেদন চলিলেও স্থায়ী সুৰক্ষাৰ ব্যৱস্থা নোহোৱাৰ অভিযোগ উত্থাপন কৰি এইবাৰ নিজেই শ্ৰমদান কৰি নদীত বাঁহ আৰু গছৰ ডাল পেলাই খহনীয়া ৰোধৰ চেষ্টা চলালে স্থানীয় ৰাইজে। আনহাতে ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু জলসম্পদ বিভাগৰ মাজত চলিছে শীতল যুদ্ধ।

জলসম্পদ বিভাগৰ ১০ হাজাৰ পাৰ্কুপাইন শেষ এতিয়া খহনীয়া প্ৰতিৰোধৰ বাবে নাই পাৰ্কুপাইন মজুত। দুটা বিভাগে ইটোলে সিটোৱে দায় ঠেলি শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি দায়িত্ব সামৰিছে।

.:

মাজুলীৰ মহৰিচুক আৰু চাৰিঘৰীয়া মাজৰ অংশত ব্ৰহ্মপুত্ৰৰ অব্যাহত গৰাখহনীয়াই প্ৰতিদিনেই গ্ৰাস কৰি আহিছে কৃষিভূমি আৰু বসতিভূমি।

বহুবাৰ জলসম্পদ বিভাগ আৰু ব্ৰহ্মপুত্ৰ ব'ৰ্ডক আবেদন-নিবেদন জনোৱাৰ পিছতো কোনো ধৰণৰ স্থায়ী সুৰক্ষা আঁচনি ৰূপায়ণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।

উপায়ন্তৰ নেদেখি আজি স্থানীয় ৰাইজে নিজা উদ্যোগত শ্ৰমদান কৰি বাঁহ আৰু গছৰ ডাল নদীত পেলাই খহনীয়া প্ৰতিৰোধৰ এক অস্থায়ী প্ৰচেষ্টা চলায়।

.:

ইয়াৰ সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু জলসম্পদ বিভাগৰ মাজত চলিছে শীতল যুদ্ধ।

ৰাইজৰ স্পষ্ট দাবী—মহৰিচুক আৰু চাৰিঘৰীয়া মাজৰ অংশ শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক। আমাৰ মজুত থকা ১০ হাজাৰ পাৰ্কুপাইন শেষ হৈছে গতিকে উপায় নাই।:

গৰাখহনীয়াই দিনে দিনে সংকটজনক ৰূপ ধাৰণ কৰাৰ সময়তে অতি শীঘ্ৰে বিজ্ঞানসন্মত আৰু স্থায়ী নদী সুৰক্ষা আঁচনি ৰূপায়ণৰ দাবী জনাইছে স্থানীয় ৰাইজে। এতিয়া এই দাবীৰ প্ৰতি জলসম্পদ বিভাগ আৰু ব্ৰহ্মপুত্ৰ ব'ৰ্ডে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়াই হ'ব লক্ষ্যণীয় ।। দুই ম'হৰ যুজঁত বিৰিনাৰ মৰণৰ দৰে ৰাইজৰ মাটি -ভেটি যাওঁ যাওঁ অৱস্থা। বিধায়কে পৰিদৰ্শন কৰি বিভাগক দায়িত্ব দিয়েই সন্তুষ্ট লভিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande