হোজাইত ১০ কোটি ১৩ লাখ টকাৰ ড্ৰাগছ দাহন
হোজাই, ১২ জুলাই (হি.স.)। হোজাইত ১০ কোটি ১৩ লাখ টকাৰ ড্ৰাগছ দাহন। জিলা ড্ৰাগছ দাহন সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত জিলাখনত আৰক্ষীৰ দ্বাৰা জব্দকৃত বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি কাকী আৰক্ষী থানাৰ অন্তৰ্গত চলচলি নতুন ব্ল''ক গাঁওত জনসমাগৰ পৰা নিলগত দাহ কৰা হয়। দ
হোজাইত ১০ কোটি ১৩ লাখ টকাৰ ড্ৰাগছ দাহন


হোজাই, ১২ জুলাই (হি.স.)। হোজাইত ১০ কোটি ১৩ লাখ টকাৰ ড্ৰাগছ দাহন। জিলা ড্ৰাগছ দাহন সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত জিলাখনত আৰক্ষীৰ দ্বাৰা জব্দকৃত বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি কাকী আৰক্ষী থানাৰ অন্তৰ্গত চলচলি নতুন ব্ল'ক গাঁওত জনসমাগৰ পৰা নিলগত দাহ কৰা হয়।

দাহন কাৰ্যসূচী আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰে হোজাইৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বি ভি ৰেড্ডীয়ে।

জিলাখনৰ বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকীত আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ সমূহ হ'ল হিৰ'ইন ২.৩৪৬৭৭ কেজি, অপিয়াম ১০.২৭০ কেজি,গাঞ্জা ৫৩৩.৪৭৩ কেজি,মৰ্ফিন ১.১২০ কেজি,নিচাযুক্ত টে'বলেট ২৭৬০০ টা আৰু কফ চিৰাপ ২৮২ টা বটল।

ইপিনে,ড্ৰাগছ সৰৱৰাহৰ এক ট্ৰেনজিট পইন্ট হিচাপে চিহ্নিত হোজাইত অনাগত সময়তো ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande