লাহৰীঘাটৰ জেংপৰিত গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
মৰিগাঁও, ১২ জুলাই (হি.স.)। লাহৰীঘাটৰ জেংপৰিত গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। লাহৰীঘাটৰ জেংপৰিত গৰু চুৰি কাৰ্যত ব্যৱহৃত এ এছ ০১ এ পি ৪৭৪৩ নম্বৰৰ এখন বিলাসী বাহন উদ্ধাৰ। ভূৰাগাঁও থানাৰ অন্তৰ্গত আমবাগান গাঁৱত শেষনিশা চুৰি হোৱা এহাল গৰুৰ খোঁ
লাহৰীঘাটৰ জেংপৰিত গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি


মৰিগাঁও, ১২ জুলাই (হি.স.)। লাহৰীঘাটৰ জেংপৰিত গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। লাহৰীঘাটৰ জেংপৰিত গৰু চুৰি কাৰ্যত ব্যৱহৃত এ এছ ০১ এ পি ৪৭৪৩ নম্বৰৰ এখন বিলাসী বাহন উদ্ধাৰ।

ভূৰাগাঁও থানাৰ অন্তৰ্গত আমবাগান গাঁৱত শেষনিশা চুৰি হোৱা এহাল গৰুৰ খোঁজৰ চিনেৰে আগুৱাই গৈ ৰাইজে জেংপৰি গাঁৱত এই গাড়ীখনৰ লগতে উদ্ধাৰ কৰিছে চুৰি গৰু হাল । ৰাইজৰ উপস্থিতিৰ বাবে চোৰে গাড়ীখন এৰি পলায়ন কৰিছে। গাড়ীখনৰ ভিতৰত কাপোৰ আৰু গৰু বন্ধা ৰচী প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে।এই সন্দৰ্ভত নিশাই অৱগত কৰিছে ভূৰাগাঁও থানাৰ আৰক্ষীক।আজি গাড়ীৰ মালিকে গাড়ী আনিব যোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পিছত ভূৰাগাঁও থানাৰ আৰক্ষীয়ে গাড়ীসহ মালিকক আটক কৰি থানালৈ লৈ আহে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande