ৰাজ্যিক সন্মানেৰে প্ৰখ্যাত গায়িকা এছ জনাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন
মহীশূৰ, ১২ জুলাই (হি.স.)। দক্ষিণ ভাৰতৰ প্ৰখ্যাত পাৰ্শ্ব গায়িকা তথা নাইটিংগেল অৱ দ্য ছং নামেৰে পৰিচিত এছ জানকীৰ অন্ত্যেষ্টিক্ৰিয়া দেওবাৰে কৰ্ণাটকৰ মহীশূৰৰ কনিয়ানহুণ্ডিত থকা তেওঁৰ ফাৰ্ম হাউচত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে আৰু তেলেগু ব্ৰাহ্মণ পৰম্পৰ
एस. जानकी का अंतिम संस्कार


মহীশূৰ, ১২ জুলাই (হি.স.)। দক্ষিণ ভাৰতৰ প্ৰখ্যাত পাৰ্শ্ব গায়িকা তথা নাইটিংগেল অৱ দ্য ছং নামেৰে পৰিচিত এছ জানকীৰ অন্ত্যেষ্টিক্ৰিয়া দেওবাৰে কৰ্ণাটকৰ মহীশূৰৰ কনিয়ানহুণ্ডিত থকা তেওঁৰ ফাৰ্ম হাউচত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে আৰু তেলেগু ব্ৰাহ্মণ পৰম্পৰা অনুসৰি সম্পন্ন কৰা হয়।

চাৰি বছৰ পূৰ্বে ক্ৰয় কৰা দুই একৰ ভূমিত এই অন্ত্যেষ্টিক্ৰিয়া কৰা হয়। এয়াই আছিল তেওঁৰ অন্তিম ইচ্ছা। শাশ্বৱতী ক্ৰিয়া সমিতিৰ আগমিক ৰমেশ শৰ্মাৰ নেতৃত্বত পঞ্চগব্যৰে শৰীৰ শুদ্ধিকৰণকে ধৰি সকলো পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি পালন কৰা হয়। চন্দন, তুলসী আৰু অন্যান্য কাঠেৰে জুইকুৰা প্ৰস্তুত কৰা হৈছিল আৰু সূৰ্যাস্তৰ আগতেই অন্ত্যেষ্টিক্ৰিয়াৰ মুখাগ্নি কৰা হৈছিল।

শেহতীয়াকৈ পুত্ৰৰ মৃত্যুৰ বাবে নাতিনীয়েকে শেষ ৰীতি-নীতি পালন কৰিছিল। এই উপলক্ষে ৰাজ্য চৰকাৰৰ পৰা তিনি ৰাউণ্ড চেলুটেৰে ৰাজ্যিক সন্মান প্ৰদান কৰা হয়।

বহু সংখ্যক অনুৰাগী, চলচ্চিত্ৰ ব্যক্তিত্ব, মন্ত্ৰী, বিধায়ক, বিভিন্ন বিশিষ্ট ব্যক্তি, পৰিয়ালৰ সদস্য, সাধাৰণ নাগৰিকে অংশগ্ৰহণ কৰি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

লক্ষণীয় যে বয়সৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাত ভুগি থকা এছ জানকীয়ে শনিবাৰে নিশা মহীশূৰৰ এপ’ল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। দেওবাৰে মহীশূৰৰ মহাৰাজা কলেজ চৌহদত তেওঁৰ মৃতদেহ জনসাধাৰণৰ দৰ্শনৰ বাবে ৰখা হৈছিল, তাৰ পিছত কনিয়ানহুণ্ডীত তেওঁৰ মৃতদেহ দাহ কৰা হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande