২১ আৰু ২২ নৱেম্বৰত কলিয়াবৰ শাখা সাহিত্য সভাৰ মহাৰজত জয়ন্তী বৰ্ষ মহোৎসৱৰ সমৰণি অনুষ্ঠান
অহা ২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত হ'ব কলিয়াবৰ শাখা সাহিত্য সভাৰ মহাৰজত জয়ন্তী বৰ্ষ মহোৎসৱৰ সমৰণি অনুষ্ঠান।
২১ আৰু ২২ নৱেম্বৰত কলিয়াবৰ শাখা সাহিত্য সভাৰ মহাৰজত জয়ন্তী বৰ্ষ মহোৎসৱৰ সমৰণি অনুষ্ঠান


গোলাঘাট, ১২ জুলাই (হি.স.): অহা ২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত হ'ব কলিয়াবৰ শাখা সাহিত্য সভাৰ মহাৰজত জয়ন্তী বৰ্ষ মহোৎসৱৰ সমৰণি অনুষ্ঠান। এই উপলক্ষে শনিবাৰে বিয়লি কলিয়াবৰ শিক্ষন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভাত মহাৰজত জয়ন্তী উৎসৱৰ বিস্তৃত কাৰ্যসূচীৰ সন্দৰ্ভত আলোচনা কৰা হয়।

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া কলিয়াবৰ শাখা সাহিত্য সভাৰ এই মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত গোস্বামী উপস্থিত থাকিব বুলি উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক, মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে।

আলোচনা চক্ৰ, কবি সন্মিলনকে ধৰি কেইবাটিও কাৰ্যসূচীৰ লগতে কলিয়াবৰ শাখা সাহিত্য সভাৰ লগতে কলিয়াবৰীয়া সাহিত্যিকৰ কিছু স্মৃতি সংৰক্ষণৰ চিন্তাও কৰা হৈছে বুলি উদযাপন সমিতিৰ সভাপতি কেশৱ মহন্তই জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande