
–ৰসেশ্বৰ শইকীয়া বৰ বায়ন সত্ৰীয়া বঁটাৰে বিভূষিত লিখন শৰ্মাক ৰসেশ্বৰ শইকীয়া বৰ বায়নৰ দুহিতা, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ৰঞ্জুমণি শইকীয়াৰ প্ৰশংসা
–সত্ৰীয়া নৃত্য আৰু জ্যোতি সংগীতেৰে সংগীত সত্ৰ ৰ প্ৰতিনিধিক আদৰণী
–অধ্যক্ষ লিখন শৰ্মাক প্ৰত্যেক বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰীৰ সম্ভাষণ
শোণিতপুৰ, ১২ জুলাই (হি.স.)। অসম সন্তান তথা ছত্তীছগড়ৰ বৰ্তমান সন্মানীয় ৰাজ্যপাল ৰমেন ডেকাই তেজপুৰৰ বিশিষ্ট সংগীতশিল্পী তথা ৰাজ্যখনৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মালৈ সন্মান জনাই গুৱাহাটীৰ সংগীত সত্ৰৰ জৰিয়তে প্ৰদান কৰা ধনৰাশিৰ সন্মান গ্ৰহণ কৰাৰ মুহূৰ্তত নিজৰ শৈক্ষিক অনুষ্ঠানতে একপ্ৰকাৰ আবেগিক হৈ চকুলো টুকিলে ৭৪ বছৰীয়া বিশিষ্ট সংগীতশিল্পী গৰাকীয়ে ।
উল্লেখ্য যে ৰাজ্যখনৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰথমখন আনুষ্ঠানিক শিক্ষানুষ্ঠান গুৱাহাটীৰ সংগীত সত্ৰ ই যোৱা ৮ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সংগীত সত্ৰ ৰ ৫৮ সংখ্যক বাৰ্ষিক নৃত্য আৰু গীতৰ উৎসৱৰ লগতে অষ্টাদশ ৰসেশ্বৰ শইকীয়া বৰ বায়ন সত্ৰীয়া বঁটা -২০২৬ প্ৰদান অনুষ্ঠানত ছত্তীছগড়ৰ ৰাজ্যপাল গৰাকী মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি বিশিষ্ট সংগীতশিল্পী লিখন শৰ্মাক এই বঁটা প্ৰদান কৰিছিল । বঁটা প্ৰদান অনুষ্ঠানতে ৰাজ্যপাল গৰাকীয়ে এই বঁটা প্ৰদান কৰা লিখন শৰ্মাৰ লগতে আনগৰাকী শিল্পীক দীৰ্ঘদিনীয়া সংগীত সাধনাৰ বাবে নিজাববীয়াকৈ ১০ হাজাৰ টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰাৰ পিছত আজি সেই ধনৰাশিৰ চেক লৈ তেজপুৰৰ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ত উপস্থিত হয়হি গুৱাহাটী সংগীত সত্ৰৰ তিনিগৰাকী বিষয়ববীয়া ।
প্ৰাত:স্মৰণীয় সত্ৰীয়া শিল্পী ৰসেশ্বৰ শইকীয়া বৰ বায়নৰ দুহিতা তথা সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ৰঞ্জুমণি শইকীয়া, সংগীত সত্ৰৰ কোষাধক্ষ উৎপল গগৈ আৰু সংগীত সত্ৰৰ যুটীয়া সম্পাদক তথা সংগীত সত্ৰৰ পৰীক্ষা পৰিষদৰ সচিব পাৰ্থ প্ৰতীম বৰুৱা উপস্থিত হৈ আনুষ্ঠানিকভাৱে অধ্যক্ষ লিখন শৰ্মাক ৰাজ্যপালৰ ধনৰাশিৰ সন্মান প্ৰদান কৰে।
জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ড০ প্ৰাণজিৎ হাজৰিকা, ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰমেশ ডেকা, পৰিচালনা সমিতিৰ সম্পাদক মাধৱ চৌধুৰী, সকলো শিক্ষক -শিক্ষয়িত্ৰীৰ উপস্থিতিত পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত সংগীত নাটক অকাডেমী বঁটা প্ৰাপক, বিশিষ্ট সত্ৰীয়া শিল্পী ৰঞ্জুমণি শইকীয়াই সংগীত সত্ৰ ৰ প্ৰতিষ্ঠা লগ্নৰ কাণ্ডাৰী সকলৰ স্মৃতি সদৰি কৰি প্ৰতিষ্ঠা লগ্নৰ অন্যতম কাণ্ডাৰী বিশিষ্ট সত্ৰীয়া শিল্পী ৰসেশ্বৰ শইকীয়া বৰ বায়নৰ সোঁৱৰণত ২০০৯ চনৰ পৰাই এই বঁটা প্ৰদান কৰি অহা হৈছে বুলি কৈ লিখন শৰ্মাৰ দৰে এগৰাকী নিষ্ঠাবান সংগীতশিল্পীক এই বঁটা প্ৰদান কৰিবলৈ পাই সংগীত সত্ৰ ধন্য হৈছে বুলি মন্তব্য কৰে ।
আনহাতে ছত্তীছগড়ৰ ৰাজ্যপাল গৰাকীয়েও লিখন শৰ্মাৰ অৱদানৰ কথা জানে বুলি তেওঁলোকক জনোৱাৰ প্ৰসংগ উত্থাপন কৰে ।জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া বিভাগৰ শিক্ষক বিপুল শৰ্মা পৰিচালিত শিক্ষাৰ্থীৰ এটি সমবেত সত্ৰীয়া নৃত্য আৰু কন্ঠ সংগীত বিভাগৰ শিক্ষক ক্ষিতিশ বৰা পৰিচালিত শিক্ষাৰ্থীৰ সমবেত জ্যোতি সংগীতেৰে সুমধুৰ হোৱা অনুষ্ঠানটিত অধ্যক্ষ লিখন শৰ্মাক সকলো বিভাগৰ শিক্ষক -শিক্ষয়িত্ৰী সকলৰ লগতে অভিভাৱক সকলৰ তৰফৰ পৰাও একোখনকৈ গামোচাৰে অভিনন্দন তথা সন্মান প্ৰদান কৰে । এই সন্মান গ্ৰহণ কৰি ৫০ বছৰতকৈ অধিক কাল জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ত শিক্ষক হিচাপে আৰু শেহতীয়াকৈ কেবাটাও বছৰ অধ্যক্ষৰ আসনত থাকি অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠানৰ গতিশীলতাত প্ৰভূত বৰঙণি আগবঢ়োৱা লিখন শৰ্মা আবেগিক হৈ চকুলো টুকি সংগীত শিক্ষাৰ গুৰুত্ব আৰু সংগীত শিক্ষাৰ বিষয়বস্তুৰ ওপৰত বিশ্লেষণ দাঙি ধৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ