মাজবাটত অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ
ওদালগুৰি, ১২ জুলাই (হি.স.)। মাজবাটত অবৈধ শিল-বালি আৰু কাঠ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা অভিযানত শিল ভৰ্তি ডাম্পাৰ জব্দ। এইবাৰ অবৈধ শিল বালি কঢ়িওৱা ব্যৱসায়ীৰ নতুন কৌশল। এ আই এপছ ব্যৱহাৰ কৰি নকল চালান বনাই অবৈধভাৱে বল্ডাৰ কঢ়িওৱাৰ চেষ্টা চলোৱা এখন ড
মাজবাটত অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ


ওদালগুৰি, ১২ জুলাই (হি.স.)। মাজবাটত অবৈধ শিল-বালি আৰু কাঠ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা অভিযানত শিল ভৰ্তি ডাম্পাৰ জব্দ।

এইবাৰ অবৈধ শিল বালি কঢ়িওৱা ব্যৱসায়ীৰ নতুন কৌশল। এ আই এপছ ব্যৱহাৰ কৰি নকল চালান বনাই অবৈধভাৱে বল্ডাৰ কঢ়িওৱাৰ চেষ্টা চলোৱা এখন ডাম্পাৰ জব্দ কৰাৰ লগতে পৃথক অভিযানত কাঠ ফলা মেচিন, গছ কটা মেচিন আৰু আন সা-সামগ্ৰী জব্দ কৰিছে মাজবাট বন সংমণ্ডলৰ বন কৰ্মীৰ দলে।ৰাজ্যজুৰি অবৈধ খনন আৰু বনজ সম্পদ লুণ্ঠনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বন বিভাগে। তাৰেই অংশ হিচাপে মাজবাট বন সংমণ্ডলৰ অভিযানত মাজবাটৰ ৰাঙাপানী অঞ্চলৰ পৰা এ এছ ১৭ চি ৭৯৭৮ নম্বৰৰ বল্ডাৰ ভৰ্তি এখন ডাম্পাৰ জব্দ কৰা হয়।ইফালে একেদিনাই ভাৰপ্ৰাপ্ত ৰেঞ্জাৰ মিণ্টু বড়োৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি অসম-অৰুণাচল সীমান্তৰ শোনিতপুৰ আৰু ওদালগুৰি জিলাৰ সংযোগস্থল আলাইশ্ৰী গাঁৱৰ জংঘলৰ কাষত অভিযান চলায় বন বিভাগে।অভিযানত জব্দ কৰা হয় এটা কাঠ ফলা মেচিন, তিনিটা গছ কটা মেচিন, এটা হোণ্ডা জেনেৰেটৰ, মেচিনত ব্যৱহৃত পেট্ৰল-ডিজেল আৰু বহু সা-সামগ্ৰী। জব্দ কৰা সকলো সামগ্ৰী মাজবাট বন কাৰ্যালয়লৈ অনা হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande