
তেহৰাণ, ১২ জুলাই (হি.স.)। ইৰাণে দাবী কৰিছে যে দক্ষিণ ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকৰ সেনা আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (আইআৰজিচি) জৰ্ডান, কুৱেইট, বাহৰেইন, কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহৰ বিৰুদ্ধে মিছাইল আৰু ড্ৰ’ন আক্ৰমণ চলাইছে । ইৰাণে সকীয়াই দিছে যে যদিহে আমেৰিকাই অধিক সামৰিক ব্যৱস্থা গ্ৰহণ কৰে তেন্তে অধিক কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।
ইৰাণৰ চৰকাৰী সংবাদ সেৱা প্ৰেছটিভিৰ মতে, দেওবাৰে প্ৰকাশ কৰা এক বিবৃতিত আই আৰ জি চিয়ে আমেৰিকাই ওমানক হেঁচা প্ৰয়োগ কৰি উত্তেজনা সৃষ্টি কৰাৰ লগতে হৰমুজ জলদ্বীপৰ দক্ষিণে জাহাজৰ চলাচল বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছে । সংস্থাটোৱে দাবী কৰে যে ইৰাণৰ নৌসেনাই এই প্ৰচেষ্টাসমূহ বিফল কৰিছিল, তাৰ পিছত আমেৰিকাই দক্ষিণ ইৰাণৰ উপকূলীয় ঘাটি আৰু যোগাযোগ টাৱাৰসমূহত বিমান আক্ৰমণ চলায়।
ইৰাণৰ মতে, প্রতিশোধমূলক আক্রমণৰ প্রথম পর্যায়ত আই আৰ জি চিৰ এৰ’স্পেচ ফৰ্চে জৰ্ডানৰ প্রিন্স হাছান এয়াৰ বেছক আক্রমণ কৰে৷ দ্বিতীয় পৰ্যায়ত কাটাৰত থকা আমেৰিকাৰ আল-উদেইদ এয়াৰ বেছক বেলিষ্টিক মিছাইলেৰে লক্ষ্য কৰি লোৱা হৈছিল। ইৰাণৰ দাবী যে এই আক্ৰমণৰ ফলত বিমানৰ ৰক্ষণাবেক্ষণ আৰু কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰৰ ক্ষতি হৈছে।
এক সুকীয়া বিবৃতিত ইৰাণৰ সেনাই কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ সামৰিক ঘাটিত আত্মঘাতী ড্ৰ’ন আক্ৰমণ চলাইছিল বুলি কয়। সেনাবাহিনীৰ মতে, কুৱেইটত পেট্ৰিয়াটৰ এয়াৰ ডিফেন্স চিষ্টেম, গোলাবাৰুদ ডিপো, ৰাডাৰ ছাইটক লক্ষ্য কৰি লোৱাৰ বিপৰীতে বাহৰেইনত আমেৰিকাৰ যোগাযোগ আৰু ৰাডাৰৰ সুবিধাসমূহক লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ চলাইছিল।
ইৰাণে সকীয়াই দিছে যে যদিহে আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিৰ সামৰিক কাৰ্যকলাপ অব্যাহত থাকে তেন্তে ইয়াৰ প্ৰতিক্ৰিয়া অধিক কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। ইয়াৰ উপৰিও অঞ্চলটোত বৃদ্ধি পোৱা উত্তেজনা আৰু অস্থিৰতাৰ বাবে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহ দায়ী হ’ব বুলিও উল্লেখ কৰা হৈছে।
ইফালে, আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে (চেণ্টকাম) উল্লেখ কৰিছে যে দক্ষিণ ইৰাণত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত সামৰিক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, যাৰ লক্ষ্য আছিল ইৰাণৰ হৰমুজ জলদ্বীপ নিয়ন্ত্ৰণৰ ক্ষমতা দুৰ্বল কৰা।
ইফালে ফাৰ্চ নিউজ এজেন্সীৰ তথ্য অনুসৰি আমেৰিকাৰ আক্ৰমণৰ পিছত বুশ্বেহৰ প্ৰদেশৰ আছলুয়েহ আৰু বান্দাৰ দয়েৰ অঞ্চলত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা যায়। ইয়াৰ পূৰ্বে আই আৰ জি চিৰ নৌসেনাই ঘোষণা কৰিছিল যে পৰৱৰ্তী জাননী নিদিয়ালৈকে হৰমুজ জলদ্বীপ বন্ধ থাকিব আৰু আমেৰিকাই অঞ্চলটোত সামৰিক কাৰ্যকলাপ বন্ধ নকৰালৈকে ইয়াক পুনৰ মুকলি কৰা নহ’ব ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ