বাণিজ্যিক জাহাজত আক্ৰমণৰ পিছত আমেৰিকাৰ প্ৰত্যাক্ৰমণ, ইৰাণৰ বিৰুদ্ধে তৃতীয় ৰাউণ্ডৰ আক্ৰমণ
ৱাশ্বিংটন/তেহৰাণ, ১২ জুলাই (হি.স.)। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে অভিযোগ উত্থাপন কৰিছে যে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে হৰমুজ জলদ্বীপত এখন বাণিজ্যিক মালবাহী জাহাজত আক্ৰমণ চলোৱাৰ ফলত এজন অসামৰিক ক্ৰু সদস্য নিৰুদ্দেশ হোৱাৰ উপৰি জাহাজখনৰ যথেষ্ট ক্ষতি
अमेरिकी सेना की सेंट्रल कमांड  (फाइल फाेटाे)


ৱাশ্বিংটন/তেহৰাণ, ১২ জুলাই (হি.স.)। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে অভিযোগ উত্থাপন কৰিছে যে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে হৰমুজ জলদ্বীপত এখন বাণিজ্যিক মালবাহী জাহাজত আক্ৰমণ চলোৱাৰ ফলত এজন অসামৰিক ক্ৰু সদস্য নিৰুদ্দেশ হোৱাৰ উপৰি জাহাজখনৰ যথেষ্ট ক্ষতিসাধন কৰে। ইয়াৰ পিছতে আমেৰিকাই এই সপ্তাহত ইৰাণৰ বিৰুদ্ধে তৃতীয় ৰাউণ্ডৰ সামৰিক আক্ৰমণ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

তুৰস্কৰ চৰকাৰী সংবাদ সেৱা আনাডোলু এজেন্সীৰ মতে, ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা এক বিবৃতিত চেণ্টকমে কয় যে এম/ভি জিএফএছ গেলাক্সিত আই আৰ জি চিৰ আক্ৰমণৰ প্ৰতি প্ৰত্যুত্তৰ জনাই ইৰাণৰ বিৰুদ্ধে আমেৰিকান বাহিনীয়ে নতুন সামৰিক অভিযান আৰম্ভ কৰিছে। আমেৰিকাৰ সেনাবাহিনীৰ মতে, এই অভিযান আৰম্ভ হৈছিল স্থানীয় সময় অনুসৰি শনিবাৰে সন্ধিয়া ৭:১৫ বজাত।

আমেৰিকাৰ বিবৃতি অনুসৰি এই আক্ৰমণৰ ফলত জাহাজখনৰ ইঞ্জিন ৰুমৰ যথেষ্ট ক্ষতিসাধন হয়, জুই লাগে আৰু জাহাজখনে যাত্ৰা অব্যাহত ৰাখিব নোৱাৰে। আনহাতে এতিয়াও সন্ধানহীন হৈ আছে এজন ক্ৰু মেম্বাৰ।

আন এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ এজন বিষয়াই দাবী কৰিছে যে আই আৰ জি চিয়ে হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হ’বলৈ চেষ্টা কৰি থকা এখন মালবাহী জাহাজত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। বিষয়াগৰাকীৰ মতে, এই আক্ৰমণৰ ফলত জাহাজখনৰ গুৰুতৰ ক্ষতিসাধন হয়।

ট্ৰাম্প প্ৰশাসনে ইৰাণক ৰাজহুৱাভাৱে হৰমুজ জলদ্বীপৰ মাজেৰে জাহাজৰ নিৰাপদ গতিৰ নিশ্চয়তা দিবলৈ দাবী জনোৱাৰ এদিন পিছতে এই কাণ্ড সংঘটিত হৈছে। দুয়োখন দেশৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ বাবে ইয়াক এক মূল চৰ্ত বুলি গণ্য কৰা হৈছিল।

শনিবাৰে ওমানৰ ৰাজধানী মাস্কাত ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচি, ওমানৰ বৈদেশিক মন্ত্ৰী বদৰ আল বুছাইদী আৰু কাটাৰৰ বিষয়াসকলৰ মাজত আঞ্চলিক উত্তেজনা হ্ৰাস কৰাৰ বাবে আলোচনা অনুষ্ঠিত হয়। আলোচনাৰ সৈতে জড়িত এজন কূটনীতিবিদৰ মতে, ওমানে হৰমুজ জলদ্বীপৰ মাজেৰে দুয়োটা জাহাজ পথ সম্পূৰ্ণৰূপে মুকলি কৰাৰ লগতে দক্ষিণ পথত নিৰৱচ্ছিন্ন যাতায়ত পুনৰ আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

কিন্তু কূটনীতিবিদগৰাকীৰ মতে, ইৰাণৰ প্ৰতিনিধি দলটোৱে এই প্ৰস্তাৱত তৎক্ষণাত সন্মতি দিব নোৱাৰিলে আৰু অধিক আলোচনাৰ বাবে তেহৰাণলৈ উভতি যায়।

আনহাতে, আই আৰ জি চিয়ে কয় যে ইতিমধ্যে কেইবাখনো জাহাজক সকীয়াই দিছে যে তেওঁলোকে “অকৰ্তৃত্বশীল” বুলি ঘোষণা কৰা পথটো ব্যৱহাৰ নকৰিব। সংস্থাটোৱে দাবী কৰে যে প্ৰশ্ন কৰা মালবাহী জাহাজখনে সতৰ্কবাণীক আওকাণ কৰাৰ পিছতহে তেওঁলোকে সতৰ্কবাণী গুলী চলাইছিল।

আই আৰ জি চিয়ে লগতে ঘোষণা কৰে যে পৰৱৰ্তী জাননী নিদিয়ালৈকে আৰু অঞ্চলটোত আমেৰিকাৰ হস্তক্ষেপ শেষ নোহোৱালৈকে হৰমুজ জলদ্বীপ বন্ধ থাকিব, আৰু কোনো জাহাজক ইয়াৰ মাজেৰে পাৰ হ’বলৈ দিয়া নহ’ব।

চেণ্টকমে কয় যে ইৰাণক পূৰ্বে সামুদ্ৰিক নিৰাপত্তাৰ চুক্তি মানি চলাৰ সুযোগ দিয়া হৈছিল যদিও সেয়া কৰা নাছিল। আমেৰিকাৰ সেনাবাহিনীৰ মতে, বৰ্তমানৰ সামৰিক ব্যৱস্থাৰ লক্ষ্য হৈছে ইৰাণৰ সামৰ্থ্য দুৰ্বল কৰা, যাৰ সহায়ত ইৰাণে অসামৰিক আৰু বাণিজ্যিক জাহাজ আক্ৰমণ কৰে।

--------------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande