
নতুন দিল্লী, ১২ জুলাই (হি.স.)। ভাৰতে ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াড (আইপিএইচও)ত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই পাঁচোটা স্বৰ্ণ পদক লাভ কৰে। কলম্বিয়াৰ বুকাৰামাংগাত অনুষ্ঠিত ভাৰতীয় দলটোৱে চীন, কাজাখস্তান, ৰাছিয়া, দক্ষিণ কোৰিয়া, টাইৱানৰ সৈতে বিশ্বৰ প্ৰথম স্থানৰ বাবে সমতা স্থাপন কৰে। এই প্ৰতিযোগিতাত ৮৭খন দেশৰ ৩৮১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
সোণৰ পদক বিজয়ী সকলৰ ভিতৰত আছে পুনেৰ কনিষ্কা জৈন, ইন্দোৰৰ পৰা ৰিদ্ধেশ অনন্ত বেণ্ডেলে, নতুন দিল্লীৰ পৰা ঋষিত গাৰ্গ, মুম্বাইৰ পৰা শ্ৰেষ্ঠ সূৰায়, আহমেদাবাদৰ পৰা স্বৰত যোশী।
পাৰমাণৱিক শক্তি বিভাগৰ অধীনস্থ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টিআইএফআৰ)ৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ হোমি ভাভা চেণ্টাৰ ফৰ চাইন্স এডুকেচন (এইচবিচিএছই)য়ে ভাৰতীয় দলটোক প্ৰশিক্ষণ দি নিৰ্বাচন কৰে। এইচ বি চি এছ ই হৈছে দেশৰ ৰাষ্ট্ৰীয় অলিম্পিয়াড কাৰ্যসূচীৰ বাবে ন’ডেল কেন্দ্ৰ আৰু ই বিজ্ঞান আৰু গণিতৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰি বহু পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়া, অৰিয়েণ্টেচন শিবিৰ, আৰু বিশেষ প্ৰশিক্ষণৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰে।
এই কৃতিত্বৰ বাবে ছাত্ৰ-ছাত্ৰী, তেওঁলোকৰ অভিভাৱক, শিক্ষক, আৰু গুৰুসকলক অভিনন্দন জনাই পাৰমাণৱিক শক্তি বিভাগৰ সম্পাদক তথা পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ ড০ অজিত কুমাৰ মহন্তই কয় যে আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডত পাঁচটা স্বৰ্ণ পদক লাভ কৰা আৰু যৌথভাৱে বিশ্বৰ প্ৰথম স্থান দখল কৰাটো সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয়। এই কৃতিত্ব ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা, নিষ্ঠা, আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ লগতে এইচ বি চি এছ ই-টি আই এফ আৰৰ দ্বাৰা অলিম্পিয়াড কাৰ্যসূচীৰ উৎকৃষ্ট প্ৰস্তুতিৰ সাক্ষ্য।
বিভাগটোৱে ভাৰতীয় দলটোক টিম লিডাৰ হিচাপে মনোনীত কৰিছে, অধ্যাপক আনবেশ মজুমদাৰ (এইচ বি চি এছ ই-টি আই এফ আৰ) আৰু ড০ লীনা যোশী (ছেইণ্ট জেভিয়াৰ কলেজ, মুম্বাই), লগতে বৈজ্ঞানিক তত্বাৱধায়ক অধ্যাপক আনন্দ দাসগুপ্ত (আই আই এছ ই আৰ, কলকাতা) আৰু নিশা কেলকাৰ (গগটে-জোগলেকাৰ কলেজ, ৰত্নাগিৰি) আৰু এইচ বি চি এছ ই পদাৰ্থ বিজ্ঞান অলিম্পিয়াডৰ দল আৰু... এই সফলতাৰ বাবে গুৰুসকলকো অভিনন্দন জনোৱা হয়।
এইচ বি চি এছ ইৰ সঞ্চালক অধ্যাপক অৰ্ণব ভট্টাচাৰ্যই কয় যে বিজ্ঞান আৰু গণিত অলিম্পিয়াডত ভাৰতীয় দলটোৱে লাভ কৰা ধাৰাবাহিক সফলতা পাৰমাণৱিক শক্তি বিভাগৰ পৰা দশক দশক ধৰি নিখুঁত প্ৰস্তুতি, নিৰ্দেশনা, আৰু অবিৰত সহায়ৰ ফল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া