
নতুন দিল্লী, ১২ জুলাই (হি.স.)। ওমানৰ উপকূলত চাইপ্ৰাছৰ পতাকা থকা কণ্টেইনাৰ জাহাজ জিএফএছ গেলেক্সিত ইৰাণৰ আক্ৰমণক ভাৰতে গৰিহণা দিছে। বাণিজ্যিক জাহাজত বাৰে বাৰে হোৱা আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰি ভাৰতে শীঘ্ৰে উত্তেজনা হ্ৰাস কৰাৰ লগতে আঞ্চলিক জলসীমাত নিৰাপদ যাতায়ত পুনৰ স্থাপনৰ বাবে কূটনৈতিক সমাধানৰ আহ্বান জনাইছে।
উল্লেখযোগ্য যে চাইপ্ৰ’ছৰ জাহাজখনত ১১জন ভাৰতীয় নাগৰিক আছিল। আক্ৰমণৰ পিছত দহজনক উদ্ধাৰ কৰা হৈছে আৰু এজন নিৰুদ্দেশ হৈ আছে।
দেওবাৰে জাৰি কৰা এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, আজি পুৱা ওমানৰ উপকূলত জি এফ এছ গেলেক্সি নামৰ বাণিজ্যিক জাহাজখনৰ ওপৰত হোৱা আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছো। জাহাজখনত থকা ১১ জন ভাৰতীয় নাগৰিকৰ ভিতৰত এতিয়ালৈকে ১০ জন লোকক উদ্ধাৰ কৰা হৈছে, আনহাতে এজন নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।
বিবৃতিটোত কোৱা হৈছে যে ওমানত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে আৰু চলি থকা অনুসন্ধান আৰু উদ্ধাৰ অভিযানত ওমান কৰ্তৃপক্ষৰ সৈতে সক্ৰিয়ভাৱে সমন্বয় সাধন কৰি আছে। সহযোগিতাৰ বাবে আমি ওমান কৰ্তৃপক্ষক ধন্যবাদ জনাইছো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া