
বৰপেটা, ১২ জুলাই (হি.স.)। জনীয়াত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ। বৰপেটা আৰক্ষীৰ অভিযানত ৩৭৮ গ্ৰাম গাঞ্জা সহ ১৮০টা ইৰেজ এক্স হোৱাইটনাৰ জব্দ। বৰপেটা জিলাৰ উপ-আৰক্ষী অধীক্ষক অলংকৃতা শইকীয়াৰ নেতৃত্বত বৰপেটা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জনীয়াত চলায় এক অভিযান। ৰাইজ উদ্দিন নামৰ এজন ব্যক্তিৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে ৩৭৮ গ্ৰাম গাঞ্জা আৰু ১৮০টা ইৰেজ এক্স হোৱাইটনাৰ ইনক জব্দ কৰিবলৈ সক্ষম হয়।
দীৰ্ঘদিন ধৰি ৰাইজ উদ্দিনে নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
ইফালে, আৰক্ষীয়ে ৰাইজ উদ্দিনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰে যদিও আৰক্ষীৰ অভিযানৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত ৰাইজ উদ্দিনে।
সম্প্ৰতি পলাতক ৰাইজ উদ্দিনৰ সন্ধানত বৰপেটা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু