
তামুলপুৰ, ১২ জুলাই (হি.স.)। গোৰেশ্বৰৰ ২নং ৰৌমাৰীৰ পৰা কন্যা সন্তানসহ মহিলা নিৰুদ্দেশ ।
তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত ২নং ৰৌমাৰী গাঁৱৰ বাসিন্দা আফতাৰ হুছেইনৰ পত্নী জেচমিনা বেগম(২৭) শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে।
পৰিয়ালৰ লোকে জনোৱা মতে কৰ্মসূত্ৰে বহিঃৰাজ্যত থকা আফতাৰ হুছেইনৰ পত্নী জেচমিনা বেগমে কালি ভাতিবেলা
ঘৰত কোনো নথকাৰ সময়ত ৩বছৰীয়া কন্যা সন্তানটিৰ সৈতে ওলাই যোৱাৰ পিছত ঘৰলৈ ওভটি অহা নাই। পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও মহিলাগৰাকীৰ সম্ভেদ নোপোৱাত গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰে।কোনো সদাশয় লোকে মহিলাগৰাকীৰ সম্ভেদ পালে গোৰেশ্বৰ থানা নতুবা 9957664801 মোবাইল ফোনৰ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা