যোৰহাটৰ শ্ৰী শ্যাম টফী গুদামত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণ
যোৰহাট, ১২ জুলাই (হি.স.)। যোৰহাটৰ চেম্বাৰ ৰোডস্থিত ব্যৱসায়ী অনিল পাৰীকৰ শ্ৰী শ্যাম টফী নামৰ গুদামত শনিবাৰে নিশা হঠাতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাত সমগ্ৰ অঞ্চলত আতংক আৰু হাহাকাৰ সৃষ্টি হয়। গুদামটোৰ পৰা জুইৰ লেলিহান শিখা আৰু ধোঁৱা ওলাই অহা দেখি
যোৰহাটৰ শ্ৰী শ্যাম টফী গুদামত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণ


যোৰহাট, ১২ জুলাই (হি.স.)। যোৰহাটৰ চেম্বাৰ ৰোডস্থিত ব্যৱসায়ী অনিল পাৰীকৰ শ্ৰী শ্যাম টফী নামৰ গুদামত শনিবাৰে নিশা হঠাতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাত সমগ্ৰ অঞ্চলত আতংক আৰু হাহাকাৰ সৃষ্টি হয়। গুদামটোৰ পৰা জুইৰ লেলিহান শিখা আৰু ধোঁৱা ওলাই অহা দেখি স্থানীয় লোকে তৎক্ষণাত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।

খবৰ লাভ কৰাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু দীৰ্ঘ সময়ৰ প্ৰচেষ্টাৰ অন্তত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনে। সময়মতে জুই নুমুৱাব পৰা বাবে কাষৰ দোকান-পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে।

অগ্নিকাণ্ডত গুদামত সংৰক্ষিত বৃহৎ পৰিমাণৰ সামগ্ৰীৰ ক্ষতি হোৱা বুলি আশংকা কৰা হৈছে। অৱশ্যে এই প্ৰতিবেদন লিখা পৰ্যন্ত অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। সংশ্লিষ্ট বিভাগে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande