

–ডা০ জাহানাৰা বেগম, বীণা পটংগীয়া, মৃগেন চন্দ্র বড়া, পংকজ জ্যোতি ভূঞাকে ধৰি বিশিষ্ট নাট্যশিল্পীৰ অংশ গ্ৰহণ
–এই কৰ্মশালাৰ জৰিয়তে ৰাজ্যখনৰ সুপ্ত প্ৰতিভা উন্মোচিত হ'ব -পৃথ্বিৰাজ ৰাভা
শোণিতপুৰ, ১২ জুলাই (হি.স.)। অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰ কলিবাৰীৰ সূৰ্য্যোদয় সংঘৰ জৰিয়তে নাটকৰ নগৰী তেজপুৰত আজিৰে পৰা ২৮ জুলাইলৈকে ১৫ দিনীয়াকৈ আৰম্ভ হৈছে তেজপুৰ বিধানসভা সমষ্টি ভিত্তিত নাটশিল্পৰ গ্ৰীষ্মকালীন কৰ্মশালা ।তেজপুৰ কলিবাৰীৰ ঐতিহাসিক বাণ ৰংগমঞ্চৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই নাট কৰ্মশালা আজি তেজপুৰৰ বিশিষ্ট নাট্যশিল্পী সকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্ঘাটন কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।
বাণ ৰংগমঞ্চৰ চোতালত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, নাট্যশিল্পী ৰফিকুল হুছেইন আৰু বিজয় শংকৰ শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত বিধায়ক পৃথ্বিৰাজ ৰাভাৰ লগতে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী ডা০ জাহানাৰা বেগম, প্ৰবীণ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী বীণা পটংগীয়া, বিশিষ্ট নাট্যকাৰ -পৰিচালক পংকজ জ্যোতি ভূঞা, বাণ থিয়েটাৰৰ উপসভাপতি মৃগেন চন্দ্র বড়া, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া অনচুমৈ বসুমতাৰী বিশিষ্ট নাট্যশিল্পী বাবুল বৰঠাকুৰ, বাণ থিয়েটাৰৰ সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, জ্যোতি ভাৰতীৰ শিল্পী আলিম্পন চৌধুৰী, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক লুইত শৰ্মা, কলিবাৰী সূৰ্য্যোদয় সংঘৰ সম্পাদক মানস প্ৰতীম বৰা আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত আৰম্ভ হয় উদ্বোধনী অনুষ্ঠান ।
তেজপুৰৰ জনপ্ৰিয় অভিনেত্ৰী দৰ্শনা বি মহন্তই আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানটিত পৌৰোহিত্য কৰে তেজপুৰৰ জ্যেষ্ঠ নাট্যশিল্পী তথা বাণ থিয়েটাৰৰ সদস্য বাবুল বৰঠাকুৰে । বিধায়ক পৃথ্বিৰাজ ৰাভাই ভাষণ আগবঢ়াই গ্ৰীষ্মকালীন এই শিক্ষানুষ্ঠান বন্ধৰ সময়চোৱাত ৰাজ্যখনৰ সকলো প্ৰান্তৰ বিভিন্ন সম্ভাৱনাপূৰ্ণ প্ৰতিভা সমূহ চিনাক্তকৰণ কৰি সেই নতুন প্ৰজন্মক আগবঢ়াই নিয়াৰ মানসেৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গ দৰ্শনেৰে এই কৰ্মশালা আয়োজন কৰা হৈছে বুলি মন্তব্য কৰে । বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগম, প্ৰবীণ অভিনেত্ৰী বীণা পটংগীয়া, বাণ থিয়েটাৰৰ উপসভাপতি মৃগেন চন্দ্র বড়া, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া অনচুমৈ বসুমতাৰী আদিয়ে শুভেচ্ছামূলক ভাষণ আগবঢ়োৱা উদ্বোধনী অনুষ্ঠানটিত সূৰ্য্যোদয় সংঘৰ হৈ প্ৰশিক্ষক হিচাবে উপস্থিত থাকিব লগা বিশিষ্ট নাট্যকাৰ -পৰিচালক পংকজ জ্যোতি ভূঞাই শলাগ জ্ঞাপন কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ