প্ৰকৃতিৰ হাতত ধৰি অনাগত দিনলৈ এখোজ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানেৰে জীপাল তেজপুৰ সাহিত্য সভা
–প্ৰকৃতি সুৰক্ষা বাণীৰে শিশুৱে জন্তুৰ মুখা পিন্ধি পৰিৱেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত কাজিৰঙা –শুৱনি গাঁৱৰ সেন্দুৰীয়া বাট শীৰ্ষক পৰিৱেশ সজাগতাৰ গীতী আলেখ্যৰে জীপাল হ''ল সাহিত্য সভা ভৱন –বিশ্ব পৰিবেশ দিৱসৰ দিনটোতে সমগ্ৰ বিশ্বতে অধিক হাৰত হত্যা
প্ৰকৃতিৰ হাতত ধৰি অনাগত দিনলৈ এখোজ


প্ৰকৃতিৰ হাতত ধৰি অনাগত দিনলৈ এখোজ


–প্ৰকৃতি সুৰক্ষা বাণীৰে শিশুৱে জন্তুৰ মুখা পিন্ধি পৰিৱেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত কাজিৰঙা

–শুৱনি গাঁৱৰ সেন্দুৰীয়া বাট শীৰ্ষক পৰিৱেশ সজাগতাৰ গীতী আলেখ্যৰে জীপাল হ'ল সাহিত্য সভা ভৱন

–বিশ্ব পৰিবেশ দিৱসৰ দিনটোতে সমগ্ৰ বিশ্বতে অধিক হাৰত হত্যা কৰা হয় গছপুলি - হৰেন্দ্ৰ নাথ মৰাং

শোণিতপুৰ, ১২ জুলাই (হি.স.)।

প্ৰকৃতিৰ হাতত ধৰি অনাগত দিনলৈ এখোজ শীৰ্ষক প্ৰকৃতি সুৰক্ষা আৰু প্ৰকৃতি সজাগতাৰ বাণীৰে গীত-মাতৰ এক সুৰীয়া সাংগীতিক ব্যতিক্ৰমী অনুষ্ঠানেৰে আজি বিয়লি মুখৰিত হৈ পৰে তেজপুৰ সাহিত্য সভা ভৱন । তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ মাধৱদেৱ কলা নিকেতনৰ উদ্যোগত, তেজপুৰ সাহিত্য সভা আৰু তেজপুৰ ইন্সপায়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত শিক্ষাৰ্থী শিশু -কিশোৰ -কিশোৰী জড়িত হৈ থকা অনুষ্ঠানটিত নিৰ্দ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰি তেজপুৰ প্ৰকৃতিপ্ৰেমী সংগঠন উদ্ৰোপণ ৰ স্ৰষ্টা তথা দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক হৰেন্দ্ৰ নাথ মৰাঙে।

অধ্যাপক মৰাঙে প্ৰকৃতি সুৰক্ষাৰ বাবে সজাগতামূলকভাৱে আগবঢ়োৱা ভাষণত কয় -

আমাৰ এই সভ্যতা প্ৰকৃতিপ্ৰদত্ত। প্ৰকৃতিয়েই আমাৰ প্ৰকৃত মাতৃ। অথচ প্ৰকৃতিয়েই আমাক লালন-পালন কৰাৰ প্ৰতিদান ৰূপে আমি নিজ মাতৃ স্বৰূপা প্ৰকৃতিৰ ধ্বংস যজ্ঞত নামিছোঁ, ঠিক কেকোঁৰাৰ দৰেই। কেকোঁৰা জীয়াই থাকে,লালিত-পালিত হয় নিজ মাতৃৰ দেহ ভক্ষণ কৰি। গছ-গছনি অবিহনে ধৰিত্ৰীত জৈৱ বৈচিত্ৰ্যৰ কথা কল্পনায়েই কৰিব নোৱাৰি। জীৱকুলৰ ভিতৰত মানুহেই গছ নিধনৰ দীৰ্ঘদিনীয়া আখৰাত নামিছে। আমাৰ ভাৰতবৰ্ষত ইয়াৰ প্ৰতিচ্ছৱি অধিক ভয়াবহ! এটা সমীক্ষাত প্ৰকাশ পাইছে যে পৃথিৱীৰ আটাইতকৈ বেছি গছ থকা দেশ হৈছে ৰাছিয়া। ৰাছিয়াৰ প্ৰতিজন মানুহৰ বিপৰীতে আঠ হাজাৰতকৈও অধিক গছ আছে আনহাতে ভাৰতত সেই সংখ্যা হৈছে প্ৰতিজন মানুহৰ বিপৰীতে মাত্ৰ আঠাইশ জোপা।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভাৰতৰ হিন্দুধৰ্মসকলে শৱদাহ প্ৰক্ৰিয়াত প্ৰচুৰ গছ ধ্বংস কৰে । জীৱনকালত এডালো গছ লালন-পালন নকৰা এজন মানুহে মৃত্যুৰ সময়ত একাধিক গছ লৈ যোৱাতো মানৱ সভ্যতাৰ বাবে প্ৰহসন মাথোন ! তেজপুৰৰ পৰা নগৰীয়া বনাঞ্চলৰ ধাৰণা গঢ়ি তুলি উদ্ৰোপণ ৰ জৰিয়তে বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰি সেই পুলি সমূহ নিজ সন্তানৰ দৰে লালন পালন কৰি বৃক্ষলৈ পৰিণত কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অহা অধ্যাপক মৰাঙে তাৎপৰ্যপূৰ্ণ ভাৱে কয়-বিশ্ব পৰিবেশ দিৱসৰ দিনটোত আমাৰ বিশ্বত অধিক সংখ্যক গছপুলিৰ মৃত্যু হয় বুলি মন্তব্য কৰে । তেওঁ কয় গছপুলি ৰোপণ কৰিলেই নহয় সেই সমূহ প্ৰতিপালন নকৰাৰ বাবেই সৰ্বাধিক গছপুলি মৃত্যু হয় বুলি মন্তব্য কৰে ।

উল্লেখ্য তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু মাধৱদেৱ কলা নিকেতনৰ উপদেষ্টা তথা তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি লন্টু শইকীয়াই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটিৰ আৰম্ভণিতে সংগীতশিল্পী প্ৰাঞ্জল শইকীয়াৰ পৰিচালনাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কাজিৰঙা শীৰ্ষক কালজয়ী গীতটি কাজিৰঙাৰ সকলো জন্তুৰ মুখা পৰিধান কৰি সমবেতভাৱে পৰিৱেশন কৰে তেজপুৰৰ কেবাখনো বিদ্যালয়ৰ কন কন শিক্ষাৰ্থী সকলে । উল্লেখ্য যে মাধৱদেৱ কলা নিকেতনৰ অধ্যক্ষ, সংগীতশিল্পী তথা কেন্দ্ৰীয় চৰকাৰৰ চি চি আৰ টিৰ প্ৰশিক্ষণ প্ৰাপ্ত মুখাশিল্পী ময়ূৰ কাঞ্চন বৰাৰ চিন্তা আৰু পৰিকল্পনাৰ অনুষ্ঠানটিত শুৱনি গাঁৱৰ সেন্দুৰীয়া বাট শীৰ্ষক এখন গীতী আলেখ্যৰে প্ৰকৃতি সুৰক্ষাৰ বাণীৰে সকলোকে উদ্বুদ্ধ কৰি তোলে ।

ময়ূৰ কাঞ্চন বৰা ৰচিত আৰু পৰিচালিত ,প্ৰাঞ্জল শইকীয়াৰ সংগীত পৰিচালিত গীতি আলেখ্যখনত বহুকেইটা কালজয়ী গীতৰ সমাহাৰ ঘটাই অভিনয়ৰ মাজেদি প্ৰকৃতি সুৰক্ষাৰ বাণী প্ৰচাৰ কৰিবলৈ সক্ষম হয় । তেজপুৰৰ বিদ্বৎ সমাজ উপস্থিত থকা অনুষ্ঠানটিতে মাটিৰ শিল্পী তথা এগৰাকী আদৰ্শ কৃষক দিনাৰাম বড়োৱে বিশিষ্ট শিল্পী লোকনাথ গোস্বামী আৰু মহেন্দ্ৰ হাজৰিকাৰ তিনিটা গীত পৰিবেশন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰি তোলে । তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাসে শলাগ জ্ঞাপন কৰা আজিৰ এই অনুষ্ঠানটি এক ব্যতিক্ৰমী অনুষ্ঠান বুলি সকলোৱে মন্তব্য কৰি মাধৱদেৱ কলা নিকেতনৰ এই চিন্তা অতি আদৰণীয় বুলি মন্তব্য কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande