কালো নদীৰ তীব্ৰ গৰাখহনীয়া, মানকাচৰৰ শান্তিপুৰ গাঁৱত হাহাকাৰ
মানকাচৰ, ১২ জুলাই (হি.স.)। মানকাচৰ সমষ্টিৰ অন্তৰ্গত পুব গাঁও পঞ্চায়তৰ শান্তিপুৰ গাঁৱত কালো নদীৰ তীব্ৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নদীখনৰ ধাৰাবাহিক খহনীয়াৰ ফলত গাঁওখনৰ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী আৰু শ শ বিঘা কৃষি ভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে।
কালো নদীৰ তীব্ৰ গৰাখহনীয়া, মানকাচৰৰ শান্তিপুৰ গাঁৱত হাহাকাৰ


মানকাচৰ, ১২ জুলাই (হি.স.)। মানকাচৰ সমষ্টিৰ অন্তৰ্গত পুব গাঁও পঞ্চায়তৰ শান্তিপুৰ গাঁৱত কালো নদীৰ তীব্ৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নদীখনৰ ধাৰাবাহিক খহনীয়াৰ ফলত গাঁওখনৰ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী আৰু শ শ বিঘা কৃষি ভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। যাৰ ফলত স্থানীয় ৰাইজৰ মাজত এতিয়া তীব্ৰ হাহাকাৰ আৰু আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

স্থানীয় ভুক্তভোগী ৰাইজে ক্ষোভেৰে প্ৰকাশ কৰা মতে, বিগত দীৰ্ঘদিন ধৰি এই খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰি থকাৰ পিছতো প্ৰশাসন বা জলসম্পদ বিভাগৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। চৰকাৰ আৰু স্থানীয় প্ৰতিনিধিৰ এই উদাসীনতাই নদীপৰীয়া ৰাইজক চৰম নিৰাপত্তাহীনতা লৈ ঠেলি দিছে।

গৃহহীন হৈ পৰা কেইবাটাও পৰিয়ালে এতিয়া আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। গাঁওবাসীয়ে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰেই শান্তিপুৰ গাঁৱক কালো নদীৰ এই কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ স্থায়ী আৰু কাৰ্যকৰী খহনীয়া প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। অন্যথা অনাগত দিনত সমগ্ৰ গাঁওখনেই মানচিত্ৰৰ পৰা মচি যোৱাৰ আশংকাই দেখা দিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande