
বিশ্বনাথ, ১২ জুলাই (হি.স.)। বিশ্বনাথ আৰক্ষীৰ উদ্যোগত জব্দকৃত নিচাযুক্ত দ্ৰব্যৰ দাহন । পানীভঁৰালস্থিত নতুন জিলা আৰক্ষী চাউনীত জব্দকৃত বিভিন্ন ধৰণৰ নিচা জাতীয় সামগ্ৰী, মাদক দ্ৰব্য আদি দাহন কৰা হয় । বিশ্বনাথ আৰক্ষীয়ে বিগত বৰ্ষত জব্দ কৰা ১৬৪ কেজি গাঞ্জা, প্ৰায় ১৯ গ্ৰাম বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ দাহন কৰা হয় ।
উল্লেখ্য যে, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰীয়ে জানিবলৈ দিয়ে যে দাহনকৃত নিচাযুক্ত দ্ৰব্য খিনিৰ বজাৰমূল্য প্ৰায় ৮৫ লাখ টকা । বিশ্বনাথৰ ন্যায়িক দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে দাহন কৰে সামগ্ৰীখিনি ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ