
বৰপেটা, ১২ জুলাই (হি.স.)। জিলা প্ৰশাসনৰ উদ্য়োগত বৰপেটা জিলাত ৫ কোটি ১৬ লাখ টকাৰ ড্ৰাগছ দাহন কৰা হয়।
জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা দীৰ্ঘদিন ধৰি আৰক্ষীযে জব্দ কৰা নিচাজাতীয় সামগ্ৰী সমূহ বৰপেটা আৰক্ষী চাউনীত জ্বলাই দিয়া হয়।
নিচাজাতীয় সামগ্ৰী সমূহৰ ভিতৰত
হেৰ'ইন ১০৬৮ গ্ৰাম,
গাঞ্জা ১৩৩ কেজি,
য়াবা টেবলেট ৫৮২৭০ টা ,
কেপচুল ৪৯৪ টা আৰু
ক'ফ ছিৰাপ ১২৩ টা বটল।
আজি দাহ কৰা ড্ৰাগছৰ বজাৰ মুল্য ৫ কোটি ১৬ লাখ ৩১ হাজাৰ ৮১০ টকা।
ড্ৰাগছ নিষ্পত্তি সমিতিৰ অনুমোদন মৰ্মে জিলা আয়ুক্ত নৱদীপ পাঠক, ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ লগতে আৰক্ষীৰ বিভিন্ন পৰ্য্যায়ৰ বিষয়াৰ আৰু আবকাৰী বিষয়া সকলৰ উপস্থিতিত ড্ৰাগছখিনি দাহ কৰা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা