
দক্ষিণ শালমাৰা-মানকাচৰ , ১২ জুলাই (হি.স.)। ড্ৰাগছৰ বিৰুদ্ধে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীৰ এক বৃহৎ সফলতা আৰু তৎপৰতা দেখিবলৈ পোৱা গৈছে। জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে জব্দ কৰা প্ৰায় ৬ কোটি টকাৰ এক বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী আজি আনুষ্ঠানিকভাৱে দাহ কৰি নষ্ট কৰা হয়।
মানকাচৰৰ চোমৰাশালি কোদালদোৱাত আজি আৰক্ষীয়ে এক বিশাল পৰিমাণৰ ড্ৰাগছ দাহ কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকীত বিগত সময়ছোৱাত অভিযান চলাই জব্দ কৰা হৈছিল এই ড্ৰাগছসমূহ। আদালতৰ নিৰ্দেশ আৰু প্ৰক্ৰিয়া অনুসৰি আজি এই সকলোবোৰ সামগ্ৰী জুই লগাই নষ্ট কৰা হয়।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপস্থিতিত দাহ কৰা ড্ৰাগছ সমূহ। ড্ৰাগছ সমুহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫ কোটি ৯১ লাখ টকা । নষ্ট কৰা ড্ৰাগছ সমূহ হেৰ’ইন ৬৪৯ গ্ৰাম নিচাজাতীয় কেপছুল ৯,৪৫৯ টা য়াবা টেবলেট ৭৭,৪৯৪ টা অন্যান্য টেবলেট ৫৯৫ টা কফ চিৰাপ ৯০৭ বটল আৰু গাঞ্জা ৩৬ কেজি ২৪৯ গ্ৰাম ।
আৰক্ষীৰ এই পদক্ষেপে জিলাখনত ড্ৰাগছ ব্যৱসায়ীৰ কঁকাল ভাঙি দিব বুলি আশা কৰা হৈছে। ড্ৰাগছমুক্ত সমাজ গঠনৰ বাবে আৰক্ষীৰ এই কঠোৰ অভিযান অনাগত দিনতো অব্যাহত থাকিব বুলি বিভাগীয় কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু