কোকৰাঝাৰ জিলা ড্ৰাগছ নিস্কাষন সমিতিৰ উদ্যোগত গাঞ্জা-নিচা জাতীয় সামগ্ৰী দাহন
কোকৰাঝাৰ, ১২ জুলাই (হি.স.)। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গোসাইগাঁও আৰু কচুগাঁও আৰক্ষীয়ে বিভিন্ন অঞ্চলত অভিযান চলাই জব্দ কৰা ড্ৰাগছ গাঞ্জা আৰু বিভিন্ন ধৰনৰ নিচা জাতীয় সামগ্ৰী আজি দাহন কৰা হয় ৷ কচুগাঁও আৰু গোসাইগাঁও আৰক্ষীয়ে জব্দ কৰা গাঞ্জা ৩০০০ কেজি,আফিম
কোকৰাঝাৰ জিলা ড্ৰাগছ নিস্কাষন সমিতিৰ উদ্যোগত গাঞ্জা-নিচা জাতীয় সামগ্ৰী দাহন


কোকৰাঝাৰ, ১২ জুলাই (হি.স.)। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গোসাইগাঁও আৰু কচুগাঁও আৰক্ষীয়ে বিভিন্ন অঞ্চলত অভিযান চলাই জব্দ কৰা ড্ৰাগছ গাঞ্জা আৰু বিভিন্ন ধৰনৰ নিচা জাতীয় সামগ্ৰী আজি দাহন কৰা হয় ৷ কচুগাঁও আৰু গোসাইগাঁও আৰক্ষীয়ে জব্দ কৰা গাঞ্জা ৩০০০ কেজি,আফিম ৬ কেজি, হেৰ'ইন ২.২৫০ কেজি আৰু টেবলেট ২৫০০ টা আদি বিভিন্ন ধৰনৰ নিচা জাতীয় সামগ্ৰী আজি দাহন কৰা হয় ৷

অসম-বংগ সীমান্তৰ সংকোষ নদীৰ পাৰত নিৰ্জন ঠাইত সামগ্ৰী সমুহ জলাই দিয়া হয় ৷ জ্বলাই দিয়া সামগ্ৰীৰ বজাৰমূল্য প্ৰায় ১৯ কোটি ৫১ লাখ টকা হব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক অক্ষত গাৰ্গ, উপ আৰক্ষী অধীক্ষক প্ৰকাশ মেধী,গোসাইগাঁও মহকুমাধিপতি এন মাংগাংছা আৰু মহকুমা আৰক্ষী বিষয়া মন্টু বৰাৰ উপস্থিত নিচাজাতীয় সামগ্ৰী দাহন কৰা হয় । সৰ্বমুঠ ১৮ টা অভিযানত নিচা জাতীয় সামগ্ৰী সমূহ জব্দ কৰা হৈছিল৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande