দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ চৌহদত ৰাজ্যিক পর্যায়ত নিচাযুক্ত দ্রব্য বিনষ্টকৰণ প্রক্ৰিয়াৰ শুভাৰম্ভ ড° শৰ্মাৰ
–বিনষ্ট কৰা হ''ব অসম আৰক্ষীয়ে জব্দকৰা ৪৭২.৫১ কোটি টকা মূল্যৰ নিচাযুক্ত দ্রব্য –ড্রাগছৰ বিৰুদ্ধে অহা পাঁচ বছৰত পূৰ্বতকৈ অধিক কঠোৰ হ''ব অসম চৰকাৰ: মুখ্যমন্ত্রী নলবাৰী, ১২ জুলাই (হি.স.)। ড্রাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্রহণকৰা শূন্য সহনশীল নীতিৰ অং
দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ চৌহদত ৰাজ্যিক পর্যায়ত নিচাযুক্ত দ্রব্য বিনষ্টকৰণ প্রক্ৰিয়াৰ শুভাৰম্ভ ড° শৰ্মাৰ


–বিনষ্ট কৰা হ'ব অসম আৰক্ষীয়ে জব্দকৰা ৪৭২.৫১ কোটি টকা মূল্যৰ নিচাযুক্ত দ্রব্য

–ড্রাগছৰ বিৰুদ্ধে অহা পাঁচ বছৰত পূৰ্বতকৈ অধিক কঠোৰ হ'ব অসম চৰকাৰ: মুখ্যমন্ত্রী

নলবাৰী, ১২ জুলাই (হি.স.)। ড্রাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্রহণকৰা শূন্য সহনশীল নীতিৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ দৌলাশালস্থিত চতুর্দশ অসম আৰক্ষী বাহিনীৰ চৌহদত বাজ্যিক পর্যায়ত নিচাযুক্ত দ্রব্য বিনষ্টকৰণ প্রক্ৰিয়াৰ শুভাৰম্ভ কৰে।আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রী ড°শর্মাই কেন্দ্রীয় চৰকাৰৰ সহায়ত চতুর্দশ অসম আৰক্ষী বাহিনীৰ চৌহদত স্থাপনকৰা সুৰক্ষিতভাৱে নিচাযুক্ত দ্রব্য বিনষ্ট কৰা

যন্ত্র চালনাৰ শুভাৰম্ভ কৰাৰলগতে পথ ৰোলাৰ চলাই আনুষ্ঠানিকভাবে ড্রাগছবিনষ্টকৰণ প্রক্ৰিয়া আৰম্ভকৰে।

উল্লেখ্য যে, ৰাজ্যৰ প্রতিখন জিলাত এনেদৰে নিচাযুক্ত দ্রব্য বিনষ্টকৰণ কাৰ্যসূচী গ্রহণ কৰা হৈছে। এই পদক্ষেপৰ অধীনত অসম আৰক্ষীয়ে জব্দ কৰা ৪৭২.৫১ কোটি টকা মূল্যৰ হেৰ'ইন, গাঞ্জা, কফ ছিৰাপ, টেবলেট-কেপছুল, অপিয়াম, মর্ফিন, কোকেইন আদি নিচাযুক্ত দ্রব্য বিনষ্ট কৰা হ'ব। এইউপলক্ষে সংবাদ মাধ্যম তথা অন্যান্যসকলক সম্বোধন কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিগত পাঁচ বছৰত ৰাজ্য চৰকাৰে বছৰি কেইবাশ কোটি টকাৰ ড্রাগছ জব্দ কৰিআহিছে আৰু এইনিচাযুক্ত দ্রব্য সৰবৰাহৰ সৈতে জড়িত বিভিন্নজনক আদালতে দোষী সাব্যস্ত কৰিকাৰাদণ্ড বিহিছে। তেওঁ কয় যেজব্দকৃত নিচাযুক্ত দ্রব্যসমূহ ৰাজ্য চৰকাৰেবিভিন্ন সময়ত জনসাধাৰণৰ সন্মুখত বিনষ্টকৰি ড্রাগছৰব্যবসায়ীসকলকো এটা বার্তা দি আহিছে।

মুঠ ৪৭২.৫১ কোটি টকা মূল্যৰ ড্রাগছসমূহ বিনষ্ট কৰিবলৈ প্রায় দহ দিন সময়ৰ প্রয়োজন হ'ব বুলি সদৰী কৰি তেওঁ কয় যে কেন্দ্রদ্ৰীয় চৰকাৰে সুৰক্ষিতভাবেড্রাগছ বিনষ্ট কৰাৰ বাবে এটাবিশেষ যন্ত্র প্রদান কৰিছে আৰু দৌলাশালত আজি যন্ত্রটো প্রথমবাৰৰ বাবেব্যৱহাৰ কৰা হৈছে। তেওঁ লগতে জানিবলৈ দিয়ে যে এই সময়চোৱাত ৫৮.৮৮ কিলোগ্রাম হেৰ'ইন, প্রায় ৩৮ হাজাৰ কিলোগ্রাম গাঞ্জা, ২.২৯ লাখ কফ ছিৰাপৰ বটল, ৩৯ কিলোগ্রাম মর্ফিন, প্রায় ১৮.৭১ লাখ মেথামফেটামাইন সহ য়াবা টেবলেট, প্রায় ৪.৯৭ লাখ টেবলেট আৰু কেপছুল আদিকে ধৰি কেবাবিধো নিচাযুক্ত দ্রব্য বিনষ্ট কৰা হ'ব। মুখ্যমন্ত্রী ড' শর্মাই কয় যেবিগত পাঁচ বছৰত এন ডিপি এছআইনৰ অধীনত ৩,৩০০ টা গোচৰ পঞ্জীভুক্ত কৰা হৈছে আৰু বৰ্তমানলৈকে ৩,২২৭ কোটি টকা মূল্যৰ নিচাযুক্ত দ্রব্য অসম আৰক্ষীয়ে জব্দ কৰিছে।

কিছুদিন পূর্বে অসম বিধান সভাত ড্রাগছৰ বিৰুদ্ধে হোৱা আলোচনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই আলোচনাত শাসকীয় আৰু বিৰোধী উভয় পক্ষৰ বিধায়কে নিচাযুক্ত দ্রব্যৰ বিৰুদ্ধে চৰকাৰেঅধিক কঠোৰ পদক্ষেপ লোৱাৰ পোষকতাকৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে আজি ৰাজ্য চৰকাৰে দৌলাশালত কেন্দ্রীয়ভাৱে নিচাযুক্ত দ্রব্য বিনষ্টকৰণ অভিযান আৰম্ভ কৰিছে। তেওঁ কয় যে ম্যানমাৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা হেৰ'ইন আৰু মেথামফেটামাইন সহ য়াবা টেবলেট ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ সৰবৰাহৰ দিশত অসম এটা পথ স্বৰূপ হৈ পৰিছে, যিটো এক উদ্বেগৰবিষয়।

মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে ড্রাগছৰ ব্যৱসায়ীসকলককৰায়ত্ব কৰাটো অতি প্রত্যাহ্বানমূলক কাম কিয়নো মূল ব্যৱসায়ীজন সাধাৰণতে বিদেশত থাকে আৰু সৰবৰাহৰ বাবে বিভিন্ন স্তৰত বহুজনক নিয়োজিত কৰে। তেওঁ লগতে কয় যে অসম, মণিপুৰ, মিজোৰাম আৰু পশ্চিমবংগ চৰকাৰে যদি নিৰন্তৰভাৱে ড্রাগছৰ ব্যৱসায়ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখে আৰু এনে ব্যবসায়ৰ সৈতে জড়িতসকলক যদি দৃষ্টান্তমূলক শাস্তি প্রদান প্রক্রিয়া অব্যাহত ৰাখিব পৰা যায় তেন্তে অসমক 'ট্রেঞ্জিট' পথ হিচাপে ব্যৱহাৰ হোৱাটো বন্ধ কৰিব পৰা যাব। আইনৰ গণ্ডীৰ ভিতৰত থাকি ড্রাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অতি কঠোৰ ব্যৱস্থা হাতত ল'বলৈ অসম আৰক্ষীক নির্দেশ প্রদান কৰি তেওঁ লগতে কয় যে অসম বিধান সভাত কিছুদিন পূর্বে বিৰোধী পক্ষৰ বিধায়কসকলেও ড্রাগছৰ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাইছিল।

মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে ড্রাগছসৰবৰাহ কৰা কাৰ্য ধৰা পেলোৱাটো অতি জটিল কাম। কিয়নো জেপত ভৰাই লোৱা সৰু পাত্র এটাৰেই কোটি টকাৰ ড্রাগছ সৰবৰাহ কৰিব পাৰি। সেয়ে এই দিশত চোৰাংচোৱা বাহিনীৰ অধিক সজাগ দৃষ্টি, প্রযুক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে জনসাধাৰণো সজাগ হ'ব লাগিব বুলিও তেওঁ কয়। তদুপৰি এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ পিছত সৰবৰাহকাৰীজনে কোন ব্যক্তিৰ পৰানিচাযুক্ত সামগ্রীখিনিলৈ ক'ত যোগান ধৰাৰ পৰিকল্পনা লৈছিল সেই তথ্যৰো সন্ধান উলিওৱাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্বআৰোপ কৰে।

তেওঁ লগতে কয় যে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে ড্রাগছৰ বিৰুদ্ধে কাম কৰিবলৈ আন্তঃৰাজ্যিক সমন্বয় বৃদ্ধিৰ দিশত যথেষ্ট প্রচেষ্টা চলাই আহিছেআৰু বিগত সময়চোৱাত এই ক্ষেত্ৰত ৰাজ্যসমূহৰ মাজত সমন্বয় বহু বৃদ্ধিও পাইছে। নিচাযুক্ত দ্রব্যৰ বিৰুদ্ধে অহা পাঁচ বছৰত অসম চৰকাৰে পূৰ্বতকৈ অধিক কঠোৰ পদক্ষেপ গ্রহণ কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে এই পদক্ষেপলৈ জনসাধাৰণৰসহযোগিতা কামনা কৰে।

আজিৰ এই কার্যসূচীত বিত্ত আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা, বৰক্ষেত্রী বিধান সভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাৰউপৰি অসম আৰক্ষী সঞ্চালকপ্রধান হৰমীত সিং প্রমূখ্যে অসম আৰক্ষীৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande