আগমনিৰ ছাগলীয়াত এইছ পি গেছ সেৱা কাৰ্যালয়ৰ চকীদাৰৰ মৃতদেহ উদ্ধাৰ
ধুবুৰী, ১২ জুলাই (হি.স.)। আগমনিৰ ছাগলীয়াত চাঞ্চল্যকৰ ঘটনা । ছাগলীয়া এইছ পি গেছ সেৱা কাৰ্যালয়ৰ মৃতদেহ উদ্ধাৰ। কালি নিশা টোপনি থকা অৱস্থাতে মৃত্যু হয় চকীদাৰ জনৰ । জুন এইছ পি গেছ গ্ৰামিন বিতৰকৰ কাৰ্যালয়ৰ নিশা টহলৰ দায়িত্বত আছিল চকীদাৰ জন । মৃ
আগমনিৰ ছাগলীয়াত এইছ পি গেছ সেৱা কাৰ্যালয়ৰ চকীদাৰৰ মৃতদেহ উদ্ধাৰ


ধুবুৰী, ১২ জুলাই (হি.স.)। আগমনিৰ ছাগলীয়াত চাঞ্চল্যকৰ ঘটনা । ছাগলীয়া এইছ পি গেছ সেৱা কাৰ্যালয়ৰ মৃতদেহ উদ্ধাৰ। কালি নিশা টোপনি থকা অৱস্থাতে মৃত্যু হয় চকীদাৰ জনৰ । জুন এইছ পি গেছ গ্ৰামিন বিতৰকৰ কাৰ্যালয়ৰ নিশা টহলৰ দায়িত্বত আছিল চকীদাৰ জন । মৃত চকীদাৰ জনক ঘোগাৰপাৰৰ আবতাফ হোসেন মিঞা বুলি জানিব পৰা গৈছে ।

নিশা টহলদাৰৰ দায়িত্বত আছিল চকীদাৰ জন । হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ আশংকা কৰ্তৃপক্ষৰ । ছাগলীয়া আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । ষাঠিৰ উৰ্দ্ধৰ বৃদ্ধ লোকক নিশা চকীদাৰৰ দায়িত্বত দিয়াৰ কাৰণে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি ।মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ আচল কাৰণ পোহৰলৈ আহিব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande