ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বাইক ষ্টান্ট
ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বাইক ষ্টান্ট
ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বাইক ষ্টান্ট


হোজাই, ১২ জুলাই (হি.স.): ডবকাত ক্ৰমাৎ বৃদ্ধি পাইছে পথ দুৰ্ঘটনা । তাৰ মাজতে একাংশ উদণ্ড বাইক চালকে সন্ত্ৰাস চলাইছে ৰাষ্ট্ৰীয় ঘাইপথত । ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বাইক ষ্টান্ট এজন যুৱকৰ । ৰীল প্ৰস্তুত কৰাৰ নামত নিজৰ লগতে আনৰ জীৱনকলৈ চূড়ান্ত হেতালি খেলিছে যুৱকজনে ।

ইফালে যুৱকজনক সংগ দিছে আন একাংশ যুৱকে । শনিবাৰে বিয়লি উদণ্ড যুৱকৰ অতপালিৰ দৃশ্য বন্ধী হৈছে এজন সচেতন যুৱকৰ মবাইল কেমেৰাত । ডবকাৰ নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যটো বৰ্তমানে ভাইৰেল হৈছে সামাজিক মাধ্যমত । এনে বাইক ষ্টান্ট কৰাৰ ফলত যিকোনো সময়ত অঘটন সংঘটিত হোৱাৰ আশংকা কৰা হৈছে । পৰিবহন বিভাগ বা আৰক্ষীয়ে এনে উদণ্ড যুৱকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাতো সচেতন মহলে আশা কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande