
গোৱালপাৰা, ১২ জুলাই (হি.স.): গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ গোসাঁইডুবি কুকুলিপাৰাৰ পৰা হাৰুৱাফুটা সংযোগী পথত বক্স কালভাৰ্ট নিৰ্মাণৰ কামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে । নিৰ্মাণ কাৰ্য্য সম্পুৰ্ণ হোৱাৰ আগতেই ঠায়ে ঠায়ে ফাট মেলি খহি গৈছে কালভাৰ্ট টোৰ কেইবাটাও অংশ । অতি নিম্ন মানৰ সামগ্রী ব্যৱহাৰ কৰি ৰাইজৰ চকুত ধূলি দি নিশাৰ ভাগত ঢালাইৰ কাম সম্পন্ন কৰি ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে।
ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ চৰম হেমাহিৰ বাবে কামত এনে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজৰ অভিযোগ মতে কেইমাহ পূৰ্বে জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লাই ১৩ লাখ টকা ব্যায় সাপেক্ষে উক্ত পথটোৰ কিছু মেৰামতিৰ লগতে কালভাৰ্ট টোৰ কামৰ শুভ উদ্বোধন কৰিছিল। আৰু কামৰ ঠিকা লাভ কৰিছিল বাহাদুৰ নামৰ এজন ঠিকাদাৰে। কিন্তু নিৰ্মাণ কাৰ্য্যত ভয়ংকৰ দুৰ্নীতি আৰু অনিয়ম প্ৰত্যক্ষ কৰি ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । গাঁৱৰ ৰাইজ ওলাই আহি স্থানীয় বিধায়কৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ