
কামৰূপ, ১২ জুলাই (হি.স.)। বকোৰ বনগাওঁ কেম্পত উপস্থিত কামৰূপৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওঁগ । বনগাওঁৰ কেম্পত নিৰ্মীয়মান অৱস্থাত থকা বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠান কেন্দ্ৰটো পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে । ৮২ কোটি ৫৮ লাখ ৫৯ হাজাৰ ৯০০ টকাৰে নিৰ্মীত হব এছিয়াৰ ভিতৰতে দ্বিতীয় বৃহত্তম এই অভিলাষী প্ৰকল্পটো ।
অহা ৩ মাহৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ন হোৱাৰ আশ্বাস মন্ত্ৰী গৰাকীৰ। শিশু যত্ন প্ৰতিষ্ঠানত বয়সৰ ভিত্তিত সুকীয়া সুকীয়া কৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। বৃদ্ধাশ্ৰমত ৰোগীৰ চিকিৎসা সেৱাৰো ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। মন্ত্ৰীৰ পৰিদৰ্শনৰ সময়ত সংশ্লিষ্ট বিভাগৰ বহু কেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা