অৰুণাচল প্ৰদেশৰ যুৱক চাইকেল চলাই দেশ ভ্ৰমন
তিনিচুকীয়া, ১২ জুলাই (হি.স.)। অৰুণাচল প্ৰদেশৰ যুৱক চাইকেল চলাই দেশ ভ্ৰমন। মনোবল দৃঢ় হ''লে কোনো কাৰ্য অসম্ভৱ নহয়,তাকেই যেন প্ৰমাণ কৰিলে অৰুণাচল প্ৰদেশৰ এজন যুৱকে। বিনা পইচাৰে অৰুণাচল প্ৰদেশৰ পৰা কেদাৰনাথ যাত্ৰা কৰি উভতি আহিল অৰুণাচল প্ৰদেশৰ এই য
অৰুণাচল প্ৰদেশৰ যুৱক চাইকেল চলাই দেশ ভ্ৰমন


তিনিচুকীয়া, ১২ জুলাই (হি.স.)। অৰুণাচল প্ৰদেশৰ যুৱক চাইকেল চলাই দেশ ভ্ৰমন। মনোবল দৃঢ় হ'লে কোনো কাৰ্য অসম্ভৱ নহয়,তাকেই যেন প্ৰমাণ কৰিলে অৰুণাচল প্ৰদেশৰ এজন যুৱকে।

বিনা পইচাৰে অৰুণাচল প্ৰদেশৰ পৰা কেদাৰনাথ যাত্ৰা কৰি উভতি আহিল অৰুণাচল প্ৰদেশৰ এই যুৱকজন যুৱক জনৰ হাবিয়াস আছিল কেদাৰনাথ দৰ্শনৰ। হাতত নাছিল এই ভ্ৰমণৰ বাবে পৰ্যাপ্ত ধন। কিন্তু থমকি নৰল যুৱক জন। ষ্টাৰ মাজাৰ থাপা নামৰ যুৱকজনে কৰি দেখুৱালে এই কাম।

মন কৰিলেই ছন।

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ এক নং নামফাই গাঁৱৰ বাসিন্দা ষ্টাৰ মাজাৰ থাপ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিলে। দুমাহ ২৫ দিনত যাত্ৰা সামৰি আজি তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ ক্ষুদ্ৰ চহৰ লিডুত উপস্থিত হয়। সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত যুৱক জনে জনাই যে ইচ্ছা থাকিলে বিনা পইচাৰে যে দীৰ্ঘ দূৰত্ব ভ্ৰমণ সম্ভৱ। যুৱকজনে কেদাৰনাথ , মথুৰা, বৃন্দাবন, অযোধ্যা, মুক্তিনাথ আদি বিভিন্ন ঠাই ভ্ৰমণ কৰে বুলি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande