বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ এন এচ এচ গোটৰ স্নাতক চতুৰ্থ ষন্মাষিকৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ
গোলাঘাট, ১২ জুলাই (হি.স.)। এইবাৰ শ্ৰেণী কোঠা এৰি পথাৰত নামিল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ এন এচ এচ গোটৰ স্নাতক চতুৰ্থ ষন্মাষিকৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ ৷ মহাবিদ্যালয়ৰ এন এচ এচ গোটৰ ছাত্ৰ-ছাত্ৰীসকলে ক্ষেত্
বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ এন এচ এচ গোটৰ স্নাতক চতুৰ্থ ষন্মাষিকৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ


গোলাঘাট, ১২ জুলাই (হি.স.)। এইবাৰ শ্ৰেণী কোঠা এৰি পথাৰত নামিল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ এন এচ এচ গোটৰ স্নাতক চতুৰ্থ ষন্মাষিকৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ ৷

মহাবিদ্যালয়ৰ এন এচ এচ গোটৰ ছাত্ৰ-ছাত্ৰীসকলে ক্ষেত্ৰ পৰিদৰ্শনৰ অংশ হিচাপে দেওবাৰে বোকাখাতৰ জ্যোতিপুৰ আহুগাঁও মুকলি পথাৰত ভুঁই ৰোৱা কাৰ্য সম্পাদন কৰে ৷ মহাবিদ্যালয়ৰ এন এচ এচ গোটৰ প্ৰায় ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ছাত্ৰসকলে পাৱাৰ টেলাৰে হাল বাই আৰু ছাত্ৰীসকলে ভুঁই ৰোৱা কাৰ্য সম্পাদন কৰে ৷ শ্ৰেণী কোঠা এৰি পথাৰত নামি এক অন্য এক অভিজ্ঞতা হোৱা বুলি মন্তব্য কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ তাৰোপৰি প্ৰায়ে শ্ৰেণী কোঠাত ব্যস্ত থকা ছাত্ৰ-ছাত্ৰীসকলে পথাৰলৈ যাবলৈ সময়ে নাপায় ৷ কিন্তু মহাবিদ্যালয়ৰ এন এচ এচ গোটৰ তৎত্বাৱধানত ক্ষেত্ৰ পৰিদৰ্শনৰ অংশ স্বৰূপে ভুঁই ৰোৱা কাৰ্য সম্পাদন কৰি অভিজ্ঞা বোটলাৰ লগতে আনন্দিত হোৱা বুলি মন্তব্য কৰে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande