
পশ্চিম কাৰ্বি আংলং, ১২ জুলাই (হি.স.)। আজি ডংকামোকাম লাংচুদৌ ত বিজেপি বিথুং মণ্ডল সমিটিৰ সৌজন্যত সমুহীয়া যোগদানৰ সভাত শতাধিক কংগ্ৰেছ, এপিএইচএল কৰ্মী নিজ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে৷ হামৰেন, ৰংখাং আৰু বিথুং পৰিষদীয় সমষ্টিত বিৰোধী দলৰ গৰাখহনীয়া। অব্যাহত।
সকলো ৰাইজৰ সৰ্বাধিক উন্নয়ন আঁচনি। ৰুপায়নৰ হকে কাম কৰিব বিজেপি চৰকাৰে । ড° তুলিৰাম ৰংহাং পশ্চিম কাৰ্বি আংলংৰ বিজেপি দলৰ শক্তি প্ৰদৰ্শনৰ কাৰ্য্যসূচী অব্যাহত দংকামোকামত বিথুং মণ্ডল সমিটিৰ উদ্যোগত সমুহীয়া। যোগদানৰ সভাত ড° তুলিৰাম ৰংহাং উপস্থিত থাকি বহুমূলীয়া ভাষণত আগবঢ়াই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু