
গুৱাহাটী, ১২ জুলাই (হি.স.)। স্বচ্ছ ইন্ধনৰ ব্যৱহাৰৰ প্ৰসাৰৰ বাবে অসম চৰকাৰে পাইপড নেচাৰেল গেছ (পিএনজি)ৰ মূল্য সংযোজিত কৰ (ভেট) ৫ শতাংশলৈ হ্ৰাস কৰিছে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে ছ’চিয়েল মিডিয়াত এই কথা ঘোষণা কৰি কয় যে এই সিদ্ধান্তই পিএনজিক গ্ৰাহকৰ বাবে অধিক সুলভ কৰি তুলিব, গেছ যোগান কোম্পানীসমূহৰ অৰ্থনৈতিক জীৱন ধাৰণ ক্ষমতা বৃদ্ধি কৰিব, উদ্যোগিক বিকাশ ত্বৰান্বিত কৰিব, শক্তি স্বাৱলম্বীতাৰ দিশত অসমৰ যাত্ৰা আৰু অধিক শক্তিশালী কৰিব৷
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ