অসমত জব্দ এক কোটি টকাৰ য়াবা টেবলেট, মুখ্যমন্ত্ৰীৰ শ্ৰীভূমি আৰক্ষীৰ প্ৰশংসা
গুৱাহাটী, ১২ জুলাই (হি.স.)। ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা অৰ্জন কৰি অসম আৰক্ষীয়ে শ্ৰীভূমি জিলাত প্ৰায় ১ কোটি টকাৰ ১০ হাজাৰ য়াবা বড়ি জব্দ কৰে। আৰক্ষীয়ে এই অভিযানত দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰে। এই সফলতাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শ
Image of the ₹1 Crore Yaba Seizure.


গুৱাহাটী, ১২ জুলাই (হি.স.)। ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা অৰ্জন কৰি অসম আৰক্ষীয়ে শ্ৰীভূমি জিলাত প্ৰায় ১ কোটি টকাৰ ১০ হাজাৰ য়াবা বড়ি জব্দ কৰে। আৰক্ষীয়ে এই অভিযানত দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰে।

এই সফলতাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰীভূমি আৰক্ষীক প্ৰশংসা কৰে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, ব্ৰেকিং বেড? অসমত নহয়।

মুখ্যমন্ত্রী শৰ্মাই কয় যে অসম ড্ৰাগছ বিৰোধী অভিযানৰ অধীনত ৰাজ্যত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰক্ষীক অভিনন্দন জনাই তেওঁ কয় যে ড্ৰাগছ সৰবৰাহকাৰীয়ে যাতে কোনো ধৰণৰ ৰেহাই নাপায় তাৰ বাবে অসম আৰক্ষীয়ে নিশ্চিত কৰিছে।

ড্ৰাগছ আসক্তিৰ পৰা যুৱক-যুৱতীসকলক ৰক্ষা আৰু ড্ৰাগছ সৰবৰাহৰ ৰোধৰ অভিযান ভৱিষ্যতেও অব্যাহত থাকিব বুলি কয় ৰাজ্য চৰকাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande