
বৰপেটা, ১২ জুলাই (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ ৰাজ্যিক ঘাইপথত এজাক বৰষুণতে একাঁঠুলৈকে পানী জমা হৈ কৃত্ৰিম বানপানীয়ে আহুকালত পেলাইছে। ইয়াৰ ফলত চৰম দুৰ্ভোগ ভূগিছে পথচাৰীৰ লগতে স্থানীয় ৰাইজসকলেয়ে ।
বৰপেটাৰ পৰা জনীয়াহৈ অভয়াপুৰীলৈ যোৱা ৰাজ্যিক ঘাইপথত এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হয়। দীৰ্ঘদিন ধৰি এনেদৰে জনীয়াৰ পেট্ৰোলপাম্পৰ সমীপত বৰষুণৰ পানী জমা হোৱাৰ ফলত ব্যৱসায়ী সকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা পথচাৰীৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। সেয়ে অতি শীঘ্ৰে উক্ত পথচোৱাৰ কাষেৰে ড্ৰেইনৰ ব্যৱস্থা কৰি বিজ্ঞানসন্মত বাবে পানী নিষ্কাষণৰ ব্যৱস্থা কৰাৰ দাবী জনায় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ