




নতুন দিল্লী, ১২ জুলাই (হি.স.)। আফগান কৃষি, জলসিঞ্চন আৰু পশুপালন মন্ত্ৰী মৌলৱী আট্টাউল্লাহ ওমাৰীৰ ভাৰত ভ্ৰমণৰ সময়ত ৭ জুলাইৰ পৰা ১২ জুলাইলৈ ভাৰত ভ্ৰমণৰ সময়ত দুয়োপক্ষই খাদ্য সুৰক্ষা, বীজ ব্যৱস্থা, আৰু শস্যৰ উৎপাদনশীলতা উন্নত কৰাৰ বিষয়ে আলোচনা কৰে। ভাৰতে জলবায়ু-স্থিতিস্থাপক আৰু জৈৱ-শোধিত শস্যৰ জাত, বহনক্ষম জলসিঞ্চন পদ্ধতি, পানী সংগ্ৰহ, জলভাগ উন্নয়ন, আৰু কাৰিকৰী সহযোগিতাৰ জৰিয়তে আফগানিস্তানৰ কৃষি খণ্ডক সমৰ্থনৰ আশ্বাস দিয়ে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, এই ভ্ৰমণৰ সময়ত আফগান মন্ত্ৰীগৰাকীয়ে কৃষি আৰু কৃষক কল্যাণ আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে সাক্ষাৎ কৰে। তেওঁলোকে বৰ্তমানৰ সহযোগিতা পৰ্যালোচনা কৰে আৰু কৃষি গৱেষণা, শিক্ষা, সামৰ্থ্য বিকাশ, আৰু কৃষি বাণিজ্যৰ নতুন পথৰ বিষয়ে আলোচনা কৰে। বৈঠকত বীজ ব্যৱস্থা শক্তিশালী কৰা, শস্যৰ উৎপাদনশীলতা বৃদ্ধি, কৃষকসকলক বহনক্ষম প্ৰযুক্তি প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী চিৰাগ পাছৱানৰ সৈতেও ওমাৰীয়ে বৈঠকত মিলিত হয়। বৈঠকত মূল্য সংযোজন, আধুনিক আন্তঃগাঁথনিৰ উন্নয়ন, প্ৰযুক্তি হস্তান্তৰ, খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত দ্বিপাক্ষিক বাণিজ্যৰ প্ৰসাৰৰ ওপৰত বিশদ আলোচনা কৰা হয়। দুয়োপক্ষই এই খণ্ডত যৌথ প্ৰকল্প আৰু বিনিয়োগৰ সুযোগ বিচাৰি উলিয়াবলৈ সন্মত হয়।
আফগান মন্ত্ৰীগৰাকীয়ে বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্পৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতেও বৈঠকত মিলিত হয়। আফগান জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা সম্পৰ্কে মত বিনিময় কৰা হয়। ভাৰতে আফগানিস্তানৰ সৈতে শিক্ষা, স্বাস্থ্য, আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত সহযোগিতা অব্যাহত ৰখাৰ আশ্বাস দিয়ে।
প্ৰতিনিধি দলটোৱে নাবাৰ্ড, আইচিএআৰ, আইএআৰআই, চিএমৱাইট, আইচিৰিছেট, চিআইপি, আইএফডিচি, ফিচিচি, আৰু পিএইচডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ সৈতেও মত বিনিময় কৰে। এই বৈঠকসমূহত কৃষি গৱেষণাৰ উন্নতি, নতুন শস্যৰ জাতৰ বিকাশ, জলবায়ুৰ প্ৰতি স্থিতিস্থাপক প্ৰযুক্তি, খাদ্য সুৰক্ষা, আৰু বাণিজ্যিক সহযোগিতাৰ বিষয়ে আলোচনা কৰা হয়।
উল্লেখযোগ্য যে ২০২৫ চনৰ অক্টোবৰৰ পিছত আফগানিস্তানৰ পৰা ভাৰতলৈ চতুৰ্থটো মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ।ইয়াৰ পূৰ্বে ২০২৫ চনৰ অক্টোবৰ মাহত আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীয়ে ভাৰত ভ্ৰমণ কৰিছিল, য’ত তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে সাক্ষাৎ কৰিছিল। এই ভ্ৰমণৰ সময়ত উন্নয়ন সাহায্য, বাণিজ্য, স্বাস্থ্য সহযোগিতা, আৰু আঞ্চলিক স্থিতিশীলতাৰ বিষয়ে আলোচনা কৰা হয়।
এই ভ্ৰমণৰ পিছত ২০২৫ চনৰ নৱেম্বৰ মাহত আফগানিস্তানৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী নূৰুদ্দিন আজিজীয়ে ভাৰত ভ্ৰমণ কৰিছিল।তেওঁৰ ভ্ৰমণত বাণিজ্যৰ সুবিধা, বজাৰ প্ৰৱেশ, সামুদ্ৰিক আৰু বিমান সংযোগৰ ওপৰত আলোচনা কৰা হৈছিল। এই ভ্ৰমণৰ সময়তে কাবুল-দিল্লী আৰু কাবুল-অমৃতসৰ এয়াৰ কাৰ্গো কৰিডৰ মুকলি কৰাৰ কথা ঘোষণা কৰা হয়। ইয়াৰ পিছত ২০২৫ চনৰ শেষৰ ফালে শক্তি মন্ত্ৰীসকলেও ভাৰত ভ্ৰমণ কৰিছিল।সেই ভ্ৰমণে শক্তি প্ৰকল্প, শক্তি যোগান, আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতাৰ গতিপথ নিৰ্ধাৰণ কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া